অসমৰ গয়া তীৰ্থ ৰূপে খ্যাত অশ্বক্লান্ত দেৱালয় পৰিচালনা সমিতিৰ সাক্ষাৎ ৰাজ্যপালক

 04/06/2019 - 19:29

গুৱাহাটীঃ আজি অশ্বক্লান্ত দেৱালয় পৰিচালনা সমিতিয়ে অসমৰ ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰে। দেৱালয়ৰ সৰ্বাংগীন উন্নয়ন, সংৰক্ষণৰ বাবে ৰাজ্যপালগৰাকীৰ হস্তক্ষেপ বিচাৰি স্মাৰক পত্ৰ প্ৰদান কৰে লগতে দেৱালয়ৰ সমিতিৰ তৰফৰ পৰা ৰাজ্যপাল জগদীশ মুখীক সম্বৰ্ধনা জনোৱা হয়।

ইয়াৰ পাছতে বিশিষ্ট অভিযন্তা জে এন খাটনিয়াৰে ৰাজ্যপালগৰাকীক দেৱালয়খন নতুন ৰূপত সজাই তোলাৰ বাবে প্ৰস্তুত কৰা প্ৰকল্পৰ নক্সা সহকাৰে খুটি-নাটি মাৰি বিৱৰণ দিয়ে। ৰাজ্যপালগৰাকীয়ে পুৰাণ প্ৰসিদ্ধ শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়ৰ হৃত গৰিমা গৌৰৱ পুনৰুদ্ধাৰ অৰ্থে পৰিচালনা সমিতিয়ে আগবঢ়োৱা পদক্ষেপক প্ৰশংসা কৰে।

ৰাজ্যপাল জগদীশ মুখীৰ উদ্যোগতে উমানন্দ মন্দিৰে এক নতুন ৰূপ পাইছে। বৰ্তমান ঠিক সেইদৰে অসমৰ আন এক পূণ্যতীৰ্থ বশিষ্ঠ মন্দিৰো আটক ধুনীয়াকৈ সজা তোলাৰ লগতে ব্যৱস্থাপনাৰ আমূল পৰিৱৰ্তনৰ জৰিয়তে ভক্তপ্ৰাণ ৰাইজ উপকৃত হৈছে। তাৰ লগে লগে একো একোখন বৰ্ড বা ট্ৰাষ্টৰ জৰিয়তে পূজাৰীসকলকো কৰ্মসংস্থাপন দিয়াৰ ব্যৱস্থা কৰা হ’ব।

ঠিক অনুৰূপ প্ৰক্ৰিয়াৰ মাজেদি তীৰ্থনগৰীৰ উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত পুৰাণ প্ৰসিদ্ধ দেৱালয় বিষ্ণুতীৰ্থ শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়ক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ় দিয়াৰ লগতে আধ্যাত্মিক দিশৰো উত্তৰণ ঘটাবলৈ অতি শীঘ্ৰে ৰাজ্যপালগৰাকীয়ে দেৱালয়খনত উপস্থিত হৈ সংশ্লিষ্ট বিভাগসমূহৰ উচ্চস্তৰীয় বিষয়ববীয়াৰ জৰিয়তে নিৰীক্ষণ কৰি ৰাজ্য চৰকাৰ আৰু ভাৰতীয় প্ৰত্নতত্ত্ব বিভাগ আদিৰ সহযোগত দেৱালয়খনৰ উন্নয়ন হকে কি পদক্ষেপ ল’ব পাৰি সেয়া নিৰ্ধাৰণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি দলটোক জনাইছে।

তাৰ পিছতেহে পৰিকল্পিতভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। অশ্বক্লান্ত দেৱালয়ৰ সভাপতি তথা দলৈ লক্ষেশ্বৰ শৰ্মাৰ নেতৃত্বত যোৱা সঁজাতি দলটোত আছিল অসমৰ বিশিষ্ট অভিযন্তা জে এন খাটনিয়াৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ ঈশাকুৰ শইকীয়া,সংবাদকৰ্মী মুকুটেশ্বৰ গোস্বামী আৰু সমাজকৰ্মী অশোক শৰ্মা ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।