কাউলীৰ চন্দনপুৰত ৪৫ লিটাৰ চুলাই মদ জব্দ

 04/06/2019 - 19:45

তামুলপুৰঃ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত তামুলপুৰ আৰক্ষীৰ বিশেষ সফলতা। বাক্সা জিলা তামুলপুৰ মহকুমা সদৰত আজি কেবামাহ ধৰি অবৈধ সুৰাৰ ৰমৰমীয়া বেহা চলি আহিছে৷

আনকি সুৰাৰ উপৰিও ভাং আৰু নিচাসক্ত দ্ৰৱৰ ব্যৱহাৰো বাঢ়ি যোৱাত সচেতন মহল চিন্তিত হৈ পৰিছে৷ যাৰ ফলত একাংশ লোক তথা নৱ প্ৰজন্মৰ যুৱকৰ এই নিচাসক্ত দ্ৰব্যৰ প্ৰতি আসক্তি বাঢ়িবলৈ ধৰা পৰিলক্ষিত হৈছে৷

তামুলপুৰৰ একাংশ চাহৰ দোকান, ভাতৰ হোটেল, পান দোকান আনকি গৃহস্থৰ ঘৰতো সহজলভ্য হৈ পৰিছে অবৈধ সুৰা আৰু নিচাসক্ত দ্ৰব্যৰ প্ৰচলন৷ ইপিনে সুৰা আৰু নিচাসক্ত দ্ৰব্যৰ বাবে কিছুমান বিক্ষিপ্ত ঘটনাও সময়ে সময়ে সংঘটিত হোৱা পৰিলক্ষিত হৈছে৷

শেহতীয়াভাৱে এই ক্ষেত্ৰত বাক্সা জিলা আৰক্ষী প্ৰশাসন কঠোৰ হোৱা পৰিলক্ষিত হৈছে৷ যাৰ বাবে আৰক্ষীৰ দলে বিভিন্ন ঠাইত গোপন অভিযান চলোৱা পৰিলক্ষিত হৈছে৷

আজি তামুলপুৰ থানাৰ অন্তৰ্গত কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বনজিত উজিৰৰ নেতৃত্বত যোৱা এটি বৃহৎ আৰক্ষীৰ দল আৰু কাউলী চিআৰপিএফৰ এটা দলে বৃহত্তৰ কাউলী অঞ্চলত এক অভিযান চলায়৷ অভিযান কালত আৰক্ষীৰ দলে চন্দনপুৰ, নাৰায়ণপুৰ, পাহাৰপুৰত সুৰাৰ ঘাটি উচ্ছেদ কৰি দেশী-বিদেশী সুৰা কাৰ্টন জব্দ কৰাৰ লগতে প্ৰায় ৪৫ লিটাৰ চুলাই মদ জব্দ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।