মৰাণত পথ দুৰ্ঘটনাত নিহত হৈছে এজন বাইক আৰোহী

 04/06/2019 - 20:04

মৰাণঃ মৰাণত সংঘটিত হৈছে ভয়াৱহ পথ দুৰ্ঘটনা।এই পথ দুৰ্ঘটনাত নিহত হৈছে এজন বাইক আৰোহী।

চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ ছেন্ট যোছেফ হাইস্কুলৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত শনিবাৰে দিনৰ ১.৩০ বজাত এইছআৰ৫৫-এম-১০৪৫ নম্বৰৰ ট্ৰাক আৰু এএছ-০৬-ইউ ৭২১৪ নম্বৰৰ এখন মটৰ চাইকেলৰ মাজত সংঘটিত সংৰ্ঘষত নিহত হৈছে বাইক আৰোহী মৰাণ ৰচিপথাৰ টেপুজানৰ বিতুল কাংগাৰী(২২)।

ইফালে কথমপি ৰক্ষা পৰে আন এজন বাইক আৰোহী লৱন কাংগাৰী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।