লোকসভা নিৰ্বাচনৰ পূৰ্বে বৃহৎ পৰিমাণৰ ৰূপ জব্দ

 04/06/2019 - 21:23

ওৰাংঃ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া টকাৰ উজান উঠিছে। ওৰাঙতো স্থানীয় আৰক্ষীয়ে এই ক্ষেত্ৰত নিয়মীয়া তালাচী অব্যাহত ৰখাৰ পিছতো শনিবাৰে স্থানীয় আৰক্ষীয়ে এখন ৰঙা চুইফ্ট গাড়ীৰ পৰা বৃহৎ পৰিমাণৰ ৰূপ জব্দ কৰে।

গাড়ী খনৰ পৰা চাৰি কিলোগ্ৰাম ৰূপ জব্দ কৰে আৰক্ষীয়ে। ঢেকীয়াজুলিৰ পৰা দলগাঁৱলৈ মানিক সাহা নামৰ এজন লোকে এই ৰূপখিনি আনিছিল বুলি স্থানীয় আৰক্ষীয়ে জানিবলৈ দিয়ে। জব্দ কৰা ৰূপখিনিৰ মূল্য প্ৰায় ১লাখ ৫৬হাজাৰ টকা। সেই বৃহৎ পৰিমানৰ ৰূপ কঢ়িয়াই অনা ৰঙা চুইফ্টখনৰ নম্বৰ AS 01 DR 7449৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।