বৰপথাৰত বিহু কৰ্মশালাৰ সফল সামৰণি

 04/07/2019 - 14:20

সৰুপথাৰ: অসম জাতীয়তাবাদী যুৱ পৰিষদৰ বৰপথাৰ আঞ্চলিকৰ উদ্যোগত আৰু বৰপথাৰবাসী ৰাইজৰ সহযোগত গোলাঘাটৰ বৰপথাৰত অনুষ্ঠিত কৰা হয় বিহু কৰ্মশালা। সাতদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা বিহু কৰ্মশালাৰ অন্তত শনিবাৰে আয়োজন কৰা হয় বিহু কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ।

এই অনুষ্ঠানত বিহু কৰ্মশালাত অংশগ্রহণ কৰা বিহুৱতীসকলে বিহু নৃত্য প্ৰদৰ্শন কৰে।ইয়াৰ পাছতে অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান।

এই সাংস্কৃতিক অনুষ্ঠানত উদীয়মান কণ্ঠশিল্পী দীপু শইকীয়া, সাংবাদিক তথা উদীয়মান কণ্ঠশিল্পী সুৰজিৎ ফুকন আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ কণ্ঠশিল্পী সুদক্ষীনা শইকীয়াই গীত পৰিৱেশন কৰে।

উল্লেখ্য যে, এই বিহুৰ কৰ্মশালাত প্ৰায় ২৫০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্রহণ কৰে আৰু ২০০৮ বৰ্ষৰ লতাশিলৰ বিহু সম্ৰাজ্ঞী সংগীতা বৰুৱাই প্ৰশিক্ষণ প্ৰদান কৰে এই কৰ্মশালাত ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।