ফিফা কাউন্সিলৰ সদস্য হিচাপে নিৰ্বাচিত প্ৰফুল পেটেল

 04/07/2019 - 14:55

ডিজিটেল ডেস্ক: ফুটবলৰ সংস্হা ফিফা কাউন্সিলৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ অধ্যক্ষ প্ৰফুল পেটেল। ফিফাত এই স্বীকৃতি লাভ কৰা পেটেল হৈছে প্ৰথমগৰাকী ভাৰতীয়।

মালয়েছিয়াৰ ৰাজধানী কুৱালালামপুৰত অনুষ্ঠিত ২৯ সংখ্যক এছিয়ান ফুটবল কনফেডাৰেচনৰ কংগ্ৰেছত ফিফাৰ এই সদস্য পদৰ বাবে ভিন্ন এছিয়ান ৰাষ্ট্ৰৰ পাঁচগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।

সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ অধ্যক্ষগৰাকীয়ে মুঠ ৪৬টা ভোটৰ ভিতৰত ৩৮টা ভোট লাভ কৰি ফিফা কাউন্সিলৰ সদস্য হিচাপে নিৰ্বাচিত হয়।

সদস্য হিচাপে নিৰ্বাচিত হৈ পেটেল কয়, এই পদৰ বাবে মোক যোগ্য বুলি ভোটদান কৰা সকলোলৈ আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।