চাপৰত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

 02/07/2019 - 16:44

ধুবুৰীঃ ধুবুৰী আৰক্ষীয়ে বুধবাৰে নিশা জিলাখনৰ চাপৰৰ অন্তৰ্গত ধীৰঘাটত এক অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে। জব্দ কৰা গাঞ্জাখিনিৰ ওজন প্ৰায় ৫০ কেজি হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

প্ৰাপ্ত তথ্য মতে, চাপৰৰ চক্ৰ বিষয়াৰ সহযোগত আৰক্ষীয়ে ধীৰঘাটৰ গাঞ্জা ব্যৱসায়ী চুৰত জামালৰ ঘৰত অভিযান চলাই উক্ত গাঞ্জাখিনি জব্দ কৰে। অৱশ্যে আৰক্ষী গৈ পোৱাৰ আগতে গাঞ্জা ব্যৱসায়ীজনে সেই স্থানৰ পৰা পলায়ন কৰে।

প্ৰায় ৩ লক্ষাধিক টকা বজাৰ মূল্যৰ উক্ত গাঞ্জাখিনি মণিপুৰী গাঞ্জা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। আৰক্ষীয়ে গাঞ্জা ব্যৱসায়ী চুৰত জামালক বিচাৰি অভিযান আৰম্ভ কৰিছে যদিও বাতৰি লিখা সময়লৈকে কৰায়ত্ত কৰিব পৰা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.