২৬ এপ্ৰিলত মনোনয়ন দাখিল কৰিব মোডীয়ে

 04/07/2019 - 15:20

ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে আৰু মাত্র কেইটামান দিন। ৰাজনৈতিক দলসমূহ ব্যস্ত নিৰ্বাচনী প্ৰচাৰ অভিযানত।

এইবাৰো বাৰাণসীৰপৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে। এই মাহৰ শেষৰ ফালে মনোনয়ন দাখিল কৰিব প্ৰধানমন্ত্রীগৰাকীয়ে।

এপ্ৰিলৰ ২৬ তাৰিখে মনোনয়ন দাখিল কৰিব মোডীয়ে । প্ৰধানমন্ত্রী মোডীৰ মনোনয়ন দাখিলত বিজেপিৰ অধ্যক্ষ অমিত শ্বাহ, গৃহমন্ত্রী ৰাজনাথ সিঙসহ দেশৰ মুখ্যমন্ত্রীসকল উপস্থিত থকাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, বাৰাণসীত ১৯ মে'ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।