ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ আছু গোটৰ বিহু কৰ্মশালাৰ সামৰণি অনুষ্ঠান

 04/07/2019 - 15:48

ডিব্ৰুগড়: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটে আয়োজন কৰা বিহু কৰ্মশালাখনৰ শনিবাৰে সামৰণি পৰে। কৰ্মশালাখনত পুৱা পতাকা উত্তোলন কৰে ভাৰপ্ৰাপ্ত সভাপতি অংকুৰ প্ৰতিম গগৈয়ে। শ্বহীদ তৰ্পণ কৰে সাধৰণ সম্পাদক দেৱৰাজ গোস্বামীয়ে।

সন্ধিয়া বাৰেৰহণীয়া জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই সভাত উপস্থিত থাকি আছুৰ সাধাৰণ সম্পাদক লুৰীনজ্যোতি গগৈয়ে কয় যে, বিহু অসমীয়া জাতিৰ প্ৰাণস্পন্দন।

নতুন প্ৰজন্মই বিহুক যাতে আগুৱাই লৈ যাব পাৰে তাৰ বাবে আছুৱে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আছে। উক্ত সভাত এখন স্মাৰক গ্ৰন্থ 'সুতুলি' উন্মোচন কৰা হয়। এই অনুষ্ঠানত কণ্ঠশিল্পী দীপলিনা ডেকা, ৰাকেশ ৰিয়ান আৰু প্ৰাণদ্বীপয়ে সংগীত পৰিবেশন কৰে।

আছুৰ উপসভাপতি চিত্ৰ ৰঞ্জন বসুমতাৰী, সাংস্কৃতিক সম্পাদক অনিল গগৈ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য উদ্দীপজ্যোতি গগৈ প্ৰমুখ্যে বহু নেতা কৰ্মী উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।