ব'হাগ বিহুত মুক্তি পাব এটি সুমধুৰ তিৱা গীতে

 04/07/2019 - 16:12

জাগীৰোড: "জাকৈ চাৰি চাবে বাবি ঐ লাহৰি"ৰ কথাৰে তিৱা লোক সংগীতৰ অসমীয়া সংকলনটি দৃশ্য-শ্ৰব্য ৰূপত অনাৰ প্ৰয়াস কৰিছে এগৰাকী উদীয়মান শিল্পীয়ে৷

অত্যাধুনিক কাৰিকৰী কৌশলেৰে গীতটিৰ দৃশ্যগ্ৰহণ চলিছে জাগীৰোডৰ ঐতিহাসিক গোভা অঞ্চলত৷ ঐতিহাসিক গোভাৰ অৰমবিল আৰু সীতাজখলা আদিৰ লগতে বিভিন্ন ঐতিহাসিক মনোৰম ঠাইক সামৰি দৃশ্যগ্ৰহণ চলিছে গীতটিৰ৷

সম্পূৰ্ণ পাচকাই, কাচং আদি তিৱা জাতীয় সাজপাৰ পৰিধানেৰে প্ৰায় ৮০ গৰাকী নৃত্যশিল্পীয়ে অংশগ্ৰহণ কৰিছে অসমীয়া সংকলনৰ এই গীতটিত৷ গীতটিৰ কন্ঠ নিগৰাইছে তিৱা জনগোষ্ঠীয় জনপ্ৰিয় কন্ঠশিল্পী স্বপন ৰামদেই৷

অসমীয়া ভাষা আৰু তিৱা লোক-নৃত্যৰ সমাহাৰ ঘটা সুমধুৰ এই গীতটি ব'হাগ বিহুৰ প্ৰাকক্ষণত শুভমুক্তি লাভ কৰিব৷

তিৱা লোক গীতৰ অসমীয়া সংকলন "জাকৈ চাৰি চাবে বাবি ঐ লাহৰি" শীৰ্ষক এই গীতটিক দৰ্শকে আদৰি ল'ব বুলি যথেষ্ট আশাবাদী গীতটিৰ কলা-কুশলীসকল ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।