চাপৰত শোকাৱহ পথ দুৰ্ঘটনা: নিহত শিশু

 04/07/2019 - 16:21

চাপৰ: ধুবুৰী জিলাৰ চাপৰ ধীৰঘাটৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে পুৱা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখী এখন যাত্ৰীবাহী বাছৰ খুন্দাত থিতাতে নিহত হয় এটি শিশু।

মৃত শিশুটি চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শ্ৰীগ্ৰাম ষষ্ঠ খণ্ডৰ চান মিঞা বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনা সংঘটিত কৰা বাছখনৰ নম্বৰ হৈছে AS 17B 6847।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।