টুকটুকীত কংগ্ৰেছৰ নিৰ্বাচনী সভা

 04/07/2019 - 16:41

টুকটুকী: "এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছক ভোট দিয়াৰ বাবে সাজু হৈ আছে জনসাধাৰণ। বিজেপিৰ মিচলীয়া কথাৰ প্ৰত্যুত্তৰ দিব জনগণে" এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা শিৱা মনি বৰাৰ।

টুকটুকী কেন্তেবাৰীত অনুষ্ঠিত কংগ্ৰেছৰ এখন নিৰ্বাচনী সভাত অংশ লৈ নেত্ৰীগৰাকীয়ে ১১নং কলিয়াবৰ লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থী গৌৰৱ গগৈৰ জয় নিশ্চিত বুলি দাবী কৰি কয় যে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সংসদৰ মজিয়াত বলিষ্ঠ প্ৰতিবাদী ভূমিকা লোৱা সাংসদ গৌৰৱ গগৈক কলিয়াবৰ লোকসভা সমষ্টিবাসীয়ে পুনৰ প্ৰাৰ্থী হিচাপে পাই গৌৰৱান্বিত।

প্ৰসংগক্ৰমে তেওঁ বটদ্ৰৱা বিধানসভা সমষ্টিৰপৰা সৰ্বাধিক ভোট দিবলৈ সাজু হোৱাৰ কথাও ব্যক্ত কৰে। এইবাৰ নিৰ্বাচনত জনসাধাৰণে কংগ্ৰেছক ভোট দিব বুলি দাবী কৰে নেত্রীগৰাকীয়ে।

টুকটুকী মণ্ডল কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত নিৰ্বাচনী সভাখনত ভাষণত বৰাই দলীয় নেতা-কর্মীসকলক প্ৰাৰ্থীৰ পিছে পিছে ঘূৰি সময় নষ্ট নকৰি নিজ নিজ অঞ্চলত ব্যস্ত থকাৰ বাবে আহ্বান জনায়।

টুকটুকী মণ্ডল কংগ্ৰেছৰ সভাপতি আব্দুল মালেক মৌলানাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক গৌতম বৰাই কয়, কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে যি কয় সেয়া আখৰে আখৰে পালন কৰে। এইবাৰ কেন্দ্ৰত কংগ্ৰেছে প্ৰতিমাহে ছয়হেজাৰকৈ টকা দিয়াৰ যি প্ৰতিশ্ৰুতি ৰাহুল গান্ধীয়ে দিছে সেয়া কাৰ্যকৰী কৰিব বুলি সজোৰে দাবী কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে।

সেয়ে দলীয় কর্মীসকলক ঘৰে ঘৰে গৈ এই সন্দৰ্ভত ভালদৰে বুজাই দিবলৈ আহ্বান জনায়। সভাখনত কেইবাজনো নেতাই ১১নং কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত ১০ টাকৈ সমষ্টিতে কংগ্ৰেছৰ ভোট বৃদ্ধি হ'ব বুলি দাবী কৰে।

সভাখনত বটদ্ৰৱা ব্লক কংগ্ৰেছৰ সভাপতি নুৰুল আমিন, টুকটুকী জিলা পৰিষদৰ প্ৰাক্তন সদস্য আনুৱাৰা চুলতান, বটদ্ৰৱা আঞ্চলিক পঞ্চায়তৰ সভাপতি ফকৰ উদ্দিন, বটদ্ৰৱা যুৱ কংগ্ৰেছৰ সভাপতি ছফীউল আলম, কংগ্ৰেছ নেতা জোলফিকাৰ হক চৌধুৰী, ফজলুল হককে ধৰি ভালে সংখ্যক নেতা উপস্থিত আছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।