দুসপ্তাহলৈ জিৰণি ল'লে ব্ৰাভ'ই

 04/07/2019 - 16:53

ডিজিটেল ডেস্ক: দুসপ্তাহৰ বাবে আইপিএলৰপৰা বিৰতি লৈছে চেন্নাই চুপাৰ কিংছৰ কেৰেবিয়ান অল ৰাউণ্ডাৰ ডুৱাইন ব্ৰাভ'য়ে। হেমেষ্ট্ৰিঙৰ আঘাতৰ বাবে দুসপ্তাহলৈ জিৰণি লৈছে ৱেষ্ট ইণ্ডিজৰ তাৰকাগৰাকীয়ে।

বেটিং প্ৰশিক্ষক মাইক হাছিয়ে এই কথা ঘোষণা কৰিছে। মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে বুধবাৰে অনুষ্ঠিত মেচখনত আঘাতপ্ৰাপ্ত‌ হয় ব্ৰাভ'। চিকিৎসকে তেওঁক কিছুদিন জিৰণি লোৱাৰ পৰামৰ্শ দিয়ে।

সেই অনুসৰি টীম মেনেজমেন্টে ব্ৰাভ'ক দুসপ্তাহৰ জিৰণি দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।