ছপামাধ্যমত অনলাইন আলোচনী 'ৰাজনীতি অসম' উন্মোচন

 04/07/2019 - 18:37

গুৱাহাটী: 'ৰাজনীতি অসম' নামৰ অনলাইন আলোচনীখন অসমৰ প্ৰথমখন ৰাজনীতি বিষয়ক আলোচনী। ৰাষ্ট্ৰৰ পক্ষত এই 'ৰাজনীতি অসম' আলোচনীখনৰ জন্ম হয়।

য'ত কেৱল দেশৰ লগতে ৰাজ্যৰ ৰাজনীতি বিষয়বস্তুৰ ওপৰত গুৰুত্ব দি মন্ত্ৰী বিষয়াসকলৰ সাক্ষাৎকাৰ, ৰাজনীতিৰ বিষয়ে লেখনি আদিৰ অধিক বিবৰণ পোৱা যায়। আজি এই অনলাইন আলোচনীখনে এবছৰ অতিক্ৰম কৰে। এই এবছৰত এতিয়ালৈকে ১২টা সংস্কৰণত প্ৰায় ৮০হাজাৰ লোকে এই আলোচনীখন পঢ়িছে। ফলৱাৰৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাইছে।

আজিৰ দিনত ৰাজনীতিৰ বিষয়ে নৱপ্ৰজন্মই অধিক জানিবলৈ এই আলোচনীখনে অধিক সহায় কৰিব। আজি গুৱাহাটী প্ৰেছ ক্লাবত প্ৰথম অসমীয়া ৰাজনৈতিক অনলাইন আলোচনীখনৰ ছপা মাধ্যমতো উন্মোচন কৰা হয়।

যিসকল লোক ছ'চিয়েল মিডিয়াৰ লগত জড়িত নাথাকে তেওঁলোকৰ সুবিধাৰ বাবে এই অনলাইন আলোচনীখন ছপা মাধ্যমত আজি উন্মোচন কৰে।

এই উন্মোচনী সভাত জ্যেষ্ঠ সাংবাদিক হাইডৰ হুছেইন, জ্যেষ্ঠ সাংবাদিক ৰনেন গোস্বামী, গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ এছিচটেণ্ট ডাইৰেক্টৰ অৰিন্দম বৰা, জ্যেষ্ঠ সাংবাদিক শান্তনু তালুকদাৰৰ লগতে 'ৰাজনীতি অসম' আলোচনীখনৰ সমূহ কৰ্মকৰ্তা উপস্হিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।