শ্ৰেষ্ঠ বিধায়কৰ বঁটা হাফিজ বছিৰ আহমেদ কাছিমীলৈ

 04/07/2019 - 18:54

ডিজিটেল ডেস্ক: অসম বিধানসভাৰ ২০১৮-১৯ বৰ্ষৰ বঁটা প্ৰদান অনুষ্ঠান আজি অনুষ্ঠিত হয়। আজিৰ এই অনুষ্ঠানত শ্ৰেষ্ঠ বিধায়কৰ বঁটা প্ৰদান কৰা হয় হাফিজ বছিৰ আহমেদ কাছিমীলৈ।

শ্ৰেষ্ঠ বঁটা ৰূপে আহমেদক ১ লাখ টকা প্ৰদান কৰা হয়। পুলৱামাৰ শ্বহীদৰ নামত এই ধনৰাশি উছৰ্গা কৰিব বুলি ঘোষণা কৰে বিধায়কগৰাকীয়ে।

তাৰ উপৰি, এই অনুষ্ঠানত ভৱেন ঘিমিৰক শ্ৰেষ্ঠ সংবাদিকৰ বঁটা প্ৰদান কৰা হয়। শ্ৰেষ্ঠ সাংবাদিক বঁটাত আছে ৫০ হাজাৰ টকা।

বিধানসভাৰ শ্ৰেষ্ঠ কৰ্মচাৰীৰ বঁটা মাধৱ ছেত্ৰীক প্ৰদান কৰা হয়। শ্ৰেষ্ঠ কৰ্মচাৰীৰ বঁটাত আছে ১ লাখ টকা আৰু প্ৰশস্তি পত্ৰ।

সচিবালয়ৰ প্ৰেক্ষাগৃহত অসম বিধানসভাৰ ৮২ সংখ্যক প্ৰতিষ্ঠা দিৱসত এই বঁটা প্ৰদান কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।