কটহগুৰি কণিষ্ঠ মহাবিদ্যালয়ত নৱাগত আদৰণি সভা

 09/22/2019 - 15:06

টুকটুকীঃ নগাঁও জিলাৰ বৃহত্তৰ টুকটুকী অঞ্চলৰ কটহগুৰি কণিষ্ঠ মহাবিদ্যালয়ৰ (২০১৯-২০) বৰ্ষৰ নৱাগত আদৰণি সভাখন দেওবাৰৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে। পুৱা পতাকা উত্তোলন কৰে শৈক্ষিক ভাৰপ্ৰাপ্ত প্ৰৱক্তা আব্দুল কাদিৰ জোদ্দাৰে| ইয়াৰ পিছতেই সাংস্কৃতিক শোভাযাত্ৰাত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলে অংশগ্ৰহণ কৰাৰ পিছত ন-পুৰণি ছাএ-ছাত্ৰীৰ চিনাকি পৰ্ব।

মুকলি সভাৰ আৰম্ভনিতে মহাবিদ্যালয় খনৰ ছাত্ৰ- ছাত্ৰীসকলে সমাবেত সংগীত পৰিৱেশন কৰে। সভাপতিত্ব কৰা মুকলি সভাখনত আহোম গাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দণ্ডদৰ কুমাৰ উপস্থিত থাকি ভাষণত কয় শিক্ষা হল সমাজ পৰিৱৰ্তনৰ আহিলা। শিক্ষাৰ জৰিয়তেই সমাজৰ পৰা অন্ধ বিশ্বাস আদি দূৰ কৰিব লাগিব। এইক্ষেত্ৰত ছাত্র-ছাত্ৰীসকলে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব লাগিব। তেওঁ আৰু লগতে কয় "ছাত্ৰ-ছাত্ৰীসকলে বিজ্ঞান সন্মত বাবে সমাজত দেখা দিয়া অন্ধ বিশ্বাস, কুসংস্কাৰ আদিৰ বিৰূদ্ধে শক্তিশালী কৰিৱৰ বাবে যুজঁ দিব লাগিব।

সভা খনত টুকটুকী প্ৰেছ ক্লাৱৰ মূখ্য উপদেষ্টা তথা জ্যেষ্ঠ সাংবাদিক নিতুমণি গোস্বামীযে ভাষণত ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি কয় "জন্মৰ দ্বাৰাই নহয়' কৰ্মৰ দ্বাৰাহে নিজৰ চিনাকি দিব লাগে। জীৱনৰ প্ৰতিটো দিনেই জীৱনৰ শেষ দিন বুলি ভাবি আগবাঢ়ি গলেহে নিজৰ লক্ষ্যত উপনীত হব পাৰিব।" তেওঁ আৰু কয় যে --"লক্ষ্যহীন জীৱন বঠাহীন নাৱৰ ধৰে। সেয়ে প্ৰতিজন ছাত্ৰই নিজৰ লক্ষ্য স্থিৰ কৰি জীৱনৰ বাটত আগবাঢ়ি যাব লাগিব।

" মুকলি সভাখনত কটহগুৰি বাণিজ্য মহাবিদ্যালয়ৰ ‌অধ্যক্ষ মিৰাজ আলী, কটহগুৰি গাঁও পঞ্চায়তৰ সভানেত্রী শিৰীনা বেগত, প্ৰৱক্তা ৰুহুল আমিনে ভাষণ দিয়ে। সভাখনত কটহগুৰি কণিষ্ঠ মহাবিদ্যালয়ৰ প্ৰৱক্তা ক্ৰমে আশ্রফ ৱাহিদ, যাহিয়া খান, ৰবীন বৰদলৈ, বীৰেন মহন্ত, ৱাহিদুল জামানকে আদি কৰি মহাবিদ্যালয়খনৰ প্রায় তিনি শতাধিক ছাএ-ছাত্ৰী উপস্থিত আছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।