পল্লৱলোচন দাসক পৰাজয় কৰোৱাৰ বাবে আহ্বান চাহ শ্ৰমিকৰ

 04/07/2019 - 20:42

গুৱাহাটীঃ আজি গুৱাহাটী প্ৰেছ ক্লাৱত চাহ শ্ৰমিকৰ এখন সংবাদ মেল অনুষ্ঠিত হয়৷ সংবাদমেলত তেওঁলোকে কয় যে- ২০১৪চনৰ নিৰ্বাচনৰ আগমুহূৰ্তত নৰেন্দ্ৰ মোডীয়ে অসমৰ চাহ শ্ৰমিকসকলক ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ সমাহাৰত অৰ্থাৎ ৩৫০টকা মজুৰি দিব বুলি প্ৰতিশ্ৰুতি দিছিল৷

কিন্তু এই পাঁচ বছৰত বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি পালনটো নকৰিলেই ওলোটাকৈ বছৰি নিয়মিত বৃদ্ধি হৈ থকা ২০১৮ চনৰ জানুৱাৰী আৰু ফ্ৰেব্ৰুৱাৰী মাহৰ এৰিয়াৰ টকাৰ পোন্ধৰশ টকাকৈ প্ৰতিজন শ্ৰমিকৰ পৰা আত্মসাতহে কৰিলে শ্ৰম মন্ত্ৰী পল্লৱলোচন দাসে৷ লগতে এইটো কয় যে ২০১৮ চনৰ মাৰ্চ মাহৰ পৰা জুলাই মাহলৈকে শ্ৰমিকসকলে পাবলগীয়া এৰিয়াৰ ৬০০০ টকাও আজি পৰ্যন্ত আদায় নিদিলে৷

বৰ্তমান চাহ শ্ৰমিকসকলৰ দাবী যে পল্লৱলোচনে সকলো সীমা চেৰাই গৈছে৷ আনহাতে, অসমত বিজেপি চৰকাৰ হোৱাৰ পিছত চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি নিৰ্দ্ধাৰন কৰাৰ বাবে এখন মজুৰি উপদেষ্টা বোৰ্ড গঠন কৰে৷ এই বোৰ্ডত বাঁওপন্থী ট্ৰেড ইউনিয়নক বাদ দিয়ে আৰু শ্ৰম মন্ত্ৰী পল্লৱলোচন দাস এই বোৰ্ডৰ চেয়াৰমেন হয়৷

এই মজুৰি উপদেষ্টা বৰ্ডৰ সভাতে অসমৰ শ্ৰম আয়ুক্তই চাহ শ্ৰমিকৰ মজুৰি ৩৫১.৩৩টকা হ’ব লাগে বুলি তথ্য সহকাৰে দাখিল কৰে৷ মালিক পক্ষই ইয়াত তীব্ৰ আপত্তি কৰাত মন্ত্ৰী পল্লৱলোচন দাসে সম্পূৰ্ণ নিয়ম বৰ্হিভূতভাৱে মালিক পক্ষৰ আপত্তি বিচাৰ কৰিবৰ বাবে এখন এজনীয়া তদন্ত সমিতি গঠন কৰি দিয়ে৷

এয়া আইনসন্মত মজুৰি ৩৫১.৩৩ টকাক তল পেলাবলৈ মন্ত্ৰী পল্লৱলোচনৰ নিকৃষ্ট চালাকী বুলি চাহ বাগানৰ শ্ৰমিকসকলে সংবাদমেলত অৱগত কৰে৷ তাৰোপৰি বিজেপি চৰকাৰখনে শ্ৰমিকৰ ট্ৰেড ইউনিয়ন কৰাৰ আইনসমূহ বাতিল কৰাৰ চেষ্টা চলাই আহিছে৷ সেয়ে চাহ বাগানৰ চাহ শ্ৰমিকসকলে সমাগত নিৰ্বাচনত চাহ শ্ৰমিকক ঠগ প্ৰৱঞ্চনা কৰা মিছলীয়া মন্ত্ৰী পল্লৱলোচন দাসক পৰাস্ত কৰাৰ লগতে বিশ্বাসঘাতক বিজেপি দলৰ প্ৰতিজন প্ৰাৰ্থীক পৰাস্ত কৰিবলৈ চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিয়ে ৰাইজক জৰিয়তে আহ্বান জনায়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।