নয়দাৰ মেট্ৰ’ হাস্পতালত ভয়াৱহ অগ্নিকাণ্ড

 02/07/2019 - 16:50

নয়দাঃ নয়দাৰ মেট্ৰ’ হাস্পতালত বৃহস্পতিবাৰে সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড। ছেক্টৰ ১২স্থিত হাস্পতালখনৰ ICUৰ পৰা জুইৰ সূত্ৰপাত হোৱাত হাস্পতালখনত হাহাকাৰ লাগে।

অগ্নিকাণ্ডৰ সময়ত হাস্পতালখনত ২০জনৰো অধিক ৰোগী আবদ্ধ হৈ পৰিছিল যদিও খিৰিকীৰ আইনা ভাঙি উদ্ধাৰকাৰী দলে তেওঁলোকক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পিছত আটাইকে মেট্ৰ’ হাস্পতালৰ ছেক্টৰ ১১স্থিত শাখালৈ স্থানান্তৰ কৰা হয়।

ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ তৎপৰতাৰে জুই নিৰ্বাপন কৰে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।