কাইলৈ অন্ত পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ

 04/08/2019 - 12:49

ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে ৰাজ্যত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন। তাৰ পৰিপ্ৰেক্ষিতত, মঙলবাৰে অৰ্থাৎ কাইলৈ অন্ত পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ।

নিৰ্বাচনৰ বাবে সাজু হৈ পৰিছে ৰাজ্যৰ প্ৰশাসন।বিভিন্ন প্ৰান্তত কটকটীয়া কৰি তোলা হৈছে ৰাজ্যৰ নিৰাপত্তা ব্যৱস্থা। বৃহস্পতিবাৰে ৰাজ্যৰ ৫টা সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।

সমষ্টিসমূহ হৈছে ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, তেজপুৰ আৰু কলিয়াবৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।