জাবেদ আখতাৰে লিখিলে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ গীত

 04/08/2019 - 13:06

ডিজিটেল ডেস্কঃ ''ठान लिया है सारे हिंदुस्तान ने,
आयी है सुनहरी घड़ी "न्याय की।
हर धोखे, जुमले का होगा हिसाब,
घड़ियां खत्म हुई अब "अन्याय" की।।
कांग्रेस बनेगी हर जन की आवाज,
दूर करेगी पीड़ा हर "असहाय" की।''

ওপৰৰ কথাকেইটা প্ৰখ্যাত গীতিকাৰ, সুৰকাৰ জাবেদ আখতাৰৰ কথাৰে সজোৱা কংগ্ৰেছৰ নতুন গীতৰ কেইটিমান শাৰী। লোকসভা নিৰ্বাচনৰ দিন তেনেই চমু চাপি আহিছে। তৎপৰ হৈ পৰিছে শাসক-বিৰোধী।

ন ন প্ৰতিশ্ৰুতি, ন ন আস্থাৰে প্ৰতিটো ৰাজনৈতিক দলেই জনতাৰ কাষ চাপিছে। ৰাজনৈতিক দলসমূহে জনসভা, ৰোড শ্ব’ সম্বোধন কৰি দিনে নিশাই নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সমান্তৰালকৈ প্ৰস্তুত কৰি উলিয়াইছে দলৰ মূল ইছ্যুক লৈ গানো।

বিজেপিৰ পিছত এইবাৰ কংগ্ৰেছে প্ৰকাশ কৰিছে দলটোৰ এটা গান। ‘ন্যায়’ প্ৰাপ্তিক লৈ লিখা এই গানটো যথেষ্ট সমাদৃতও হৈছে।

গানটোৰ কেইটামান শাৰীৰ অসমীয়া ভাৱাংশ এনেধৰণৰ--
''আজি সমগ্ৰ দেশবাসীয়ে সংকল্প লৈছে
ন্যায় প্ৰাপ্তিৰ সেই সুৱৰ্ণ সুযোগ আহি পাইছে।
প্ৰতিটো প্ৰতাৰণা, ভুৱা প্ৰতিশ্ৰুতিৰ এতিয়া হিচাব হ’ব,
অন্যায়ৰ দুৰ্বিসহ সময়ৰ অন্ত পৰিব।
কংগ্রেছ হ’ব প্ৰতিজন দৰিদ্ৰৰ কণ্ঠ,
অসহায় জনৰ সকলো দুখ কংগ্ৰেছেই নিৰাময় কৰিব।''

গীতটোত বিজেপিৰ স্বৈৰাছাৰী শাসনৰ পৰিৱৰ্তে সাধাৰণ জনতাৰ অধিকাৰৰ হকে কংগ্ৰেছে যুঁজ দিয়াৰ কথা অন্তৰ্নিহিত কৰা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।