১৪ বছৰে নামৰূপ সাৰ কাৰখানাৰ চতুর্থ গোট স্থাপন হোৱাৰ সপোন সপোন হৈয়ে ৰ’ল

 04/08/2019 - 13:47

নামৰূপঃ উত্তৰ-পূবৰ একমাত্র গেছভিত্তিক সাৰ কাৰখানা ব্রহ্মপুত্র ভেলী ফার্টিলাইজাৰ কর্প’ৰেশ্যন লিমিটেড, যাক নামৰূপ সাৰ কাৰখানা বুলি জনা যায়, এতিয়া সেই সাৰ কাৰখানাৰ দুখ লগা অৱস্থাৰ কথা সকলোৰে জ্ঞাত৷ বিগত ১৪ বছৰে সাৰ কাৰখানাটোৰ চতুর্থ গোট স্থাপন হোৱাৰ সপোনটো সপোনেই হৈ থাকিল৷

ডিব্রুগড় লোকসভা সমষ্টিৰ অন্তর্গত এই সাৰ উদ্যোগটোৰ চতুর্থটো গোট স্থাপন কৰিবলৈ তেতিয়াৰ সাংসদ সর্বানন্দ সোণোৱালৰ পৰা আদি কৰি পৱন সিং ঘাটোৱাৰ আৰু পৰিৱর্তনৰ শ্ল’গান দিয়া বিজেপিৰ সাংসদ ৰামেশ্বৰ তেলীয়েও সক্ষম নহ’ল৷ দিল্লীৰ পৰা সদম্ভে আঁজুৰি আনিব নোৱাৰিলে নামৰূপ চতুর্থ গোট স্থাপন কৰাৰ বাবে ধন৷ ২০০৬ চনত নামৰূপ সাৰ কাৰখানাত সেই সময়ৰ সাৰ দপ্তৰৰ মন্ত্রী ৰামবিলাস পাছোৱানে চতুর্থ গোট স্থাপনৰ কথা ঘোষণা কৰি গৈছিল৷

ঘোষিত নতুন প্রকল্পটো যোৱা ১৪ বছৰে স্থাপনৰ অনুমতিয়েই আনিব নোৱাৰিলে এই তিনিজন সাংসদে৷ অবিশ্বাস্য হ’লেও সত্য যে যোৱা পাঁচ বছৰত অর্থাৎ ৰামেশ্বৰ তেলীৰ কার্যকালত এই সাৰ কাৰখানাৰ উৎপাদন ক্ষমতা প্রতি বছৰে হ্রাস পাবলৈ ধৰে৷ ডিব্রুগড় সমষ্টিবাসীয়ে নৰেন্দ্র মোদীৰ চৰকাৰৰ সাংসদ হিচাপে ৰামেশ্বৰ তেলীৰ পৰা অলপ আশা কৰিছিল৷

কিন্তু তেলীও যে সর্বানন্দ সোণোৱাল আৰু পৱন সিং ঘাটোৱাৰৰ দৰে ব্যর্থ হ’ব, সেয়া এতিয়াহে উপলব্ধি কৰিব পাৰিছে৷ সাৰ কাৰখানাৰ নতুন প্রকল্প স্থাপনৰ কথা বহু দূৰ, যোৱা পাঁচটা বছৰত ক্রমান্বয়ে উদ্যোগটোত ইউৰিয়া উৎপাদনৰ হাৰ হ্রাসহে পালে৷ সাংসদ হিচাপে ৰামেশ্বৰ তেলীৰ ইয়াতকৈ ব্যর্থতা হয়তো আৰু নোলাব৷ সাৰ উদ্যোগটোৰ বাবে সাৰ মন্ত্র্যালয়ত উদ্যোগটোৰ সম্পর্কে মুখ খুলি এটা কথাও ক’ব নোৱাৰিলে৷

যৌথ উদ্যোগত চতুর্থ গোট স্থাপনৰ এক কথা চলি থাকোতে সাংসদগৰাকীয়ে এই প্রকল্পৰ বাবে সৈমানেই কৰাব নোৱাৰিলে সাৰ মন্ত্র্যালয়ক৷ এটা কথাও ক’বলৈ সাহস গোটাব নোৱাৰিলে৷ এটা সঁজাতী দলৰ সৈতে যোৱা ৰামেশ্বৰ তেলীৰ অৱস্থা যে তাত ভিজা মেকুৰীৰ দৰে হৈছিল, সেই কথা লুকাই নাথাকিল৷

সম্প্রতি নামৰূপ সাৰ কাৰখানাত দুটা গোটত ইউৰিয়া উৎপাদন হৈ আছে৷ গোট দুটা হ’ল নামৰূপ-দুই আৰু নামৰূপ- তিনি৷ যোৱা পাঁচটা বছৰত এই দুটা গোটত ইউৰিয়া উৎপাদন প্রায় ২১ শতাংশ হ্রাস পালে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।