শোণিতপুৰত বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত

 04/08/2019 - 13:58

তেজপুৰ: 'বিশ্ব স্বাস্থ্য দিৱস'ৰ লগত সংগতি ৰাখি শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আৰু স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকালয়ৰ সহযোগত আজি এটি বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়। শোণিতপুৰ জিলা আদালত চৌহদত চকু চিকিৎসা শিবিৰ অনুষ্ঠানটি শুভাৰম্ভ কৰে জিলা ছেছন জজ ইন্দিৰা বৰ্মনে।

শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব মৃদুস্মিতা বৰদলৈ আৰু আইন সেৱা প্ৰাধিকৰণৰ মুখ্য সমন্বয়ক ছাজিদুৰ ৰহমানে অংশগ্ৰহণ কৰা চিকিৎসা শিবিৰত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা: মানস উপাধ্যায় আৰু ডা: টি দত্তৰ সৈতে ৫ জনীয়া আৰু তেজপুৰৰ ই আৰ চি চকু চিকিৎসালয়ৰ জ্যোৎস্না ছেত্রীৰ নেতৃত্বত ৬ জনীয়া এটি চিকিৎসকৰ দলে অংশগ্ৰহণ কৰে।

বিনামূলীয়া চিকিৎসা শিবিৰত তেজপুৰ জিলা আদালতৰ অধিবক্তা আৰু আদালতত অহা বহু ৰোগীয়ে চকু পৰীক্ষা কৰোৱায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।