গোৰ্খা সমাজে বিজেপিক এটাও ভোট নিদিয়ে বুলি দাবী ৰাম প্ৰসাদ শৰ্মাৰ

 04/08/2019 - 14:13

তেজপুৰঃ এইবাৰ গোৰ্খা সমাজে বিজেপিক ভোট নিদিয়ে বুলি মন্তব্য কৰিছে তেজপুৰৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাই। তেওঁ লগতে কয় যে এইবাৰ লোকসভাৰ নিৰ্বাচনত বিজেপিৰ আসন কমাতো নিশ্চিত।

সাংসদ আৰ পি শৰ্মাই দাবী কৰে যে এইবাৰ গোৰ্খা জনগোষ্ঠী অসন্তুষ্ট হোৱাৰ লগতে ক্ষুব্ধও হৈ আছে। ৰাজনীতি শিকিব লাগিলে শোণিতপুৰৰ গোৰ্খা সমাজৰ পৰা শিকিব লাগে বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক নচুৱালে বুলিও দাবী কৰে।

অসমৰ প্ৰত্যেকখন জিলাৰ সদৰতে ডঃ হিমন্ত বিশ্ব শৰ্মাই নাচিব লাগিব বুলি কটাক্ষ কৰে সাংসদ শৰ্মাই। তেওঁ হিমন্তই তেজপুৰক লৈ ব্যস্ত থকা বুলি উল্লেখ কৰি হিমন্তৰ নৃত্যক জালুকবাৰীৰ ভাংৰা বুলি তৰল মন্তব্য কৰে।

টিকট বঞ্চিত সাংসদগৰাকীয়ে ক্ষোভ উজাৰি কয়, ৰমেন ডেকা, ৰাজেন গোহাঁই, কামাখ্যা প্ৰসাদ তাচা আৰু তেওঁৰ প্ৰাৰ্থিত্ব কৰ্তনৰ কুপ্ৰভাৱ নিৰ্বাচনত পৰিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।