ধোঁৱাচাঙত চৰকাৰৰ দীনদয়াল উপাধ্যায় জ্যোতি আঁচনিঃ বিনামূলীয়া সৌৰ বিদ্যুৎ বিতৰণত চলিছে ব্যাপক দুৰ্নীতি

 04/08/2019 - 14:29

দক্ষিণ শালমাৰা, মানকাচৰ: দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা ৰাজহচক্ৰৰ অন্তৰ্গত হাজিৰহাট গাওঁ পঞ্চায়তৰ ফলীমাৰি, বেৰাভাঙা আৰু আকন্দেৰচৰত চৰকাৰৰ দীনদয়াল উপাধ্যায় জ্যোতি আঁচনিৰ বিনামূলীয়া সৌৰ বিদ্যুৎ বিতৰণত চলিছে ব্যাপক দুৰ্নীতি।

প্ৰাপ্ত বাতৰি মতে, উক্ত অঞ্চলৰ গাওঁবুঢ়া আঃ মাতিন আকন্দ আৰু স্হানীয় দালাল আলী হুছেইনে ঠিকাদাৰৰ লগত গোপন বুজা বুজি কৰি সৌৰ বিদ্যুৎ বিতৰণৰ নামত হিতাধিকাৰীৰপৰা এহেজাৰ দুই হেজাৰকৈ টকা সংগ্ৰহ কৰিছে আৰু ১২৩ জনীয়া চূড়ান্ত তালিকাৰপৰা ৫৫ জন হিতাধিকাৰীৰ সৌৰ বিদ্যুৎ আত্মসাৎ কৰি লাখ লাখ টকা লুণ্ঠন কৰা বুলি গুৰুতৰ অভিযোগ উঠিছে।

ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক কৰায়ত্ত কৰিবলৈ জিলা উপায়ুক্তক অভিযোগ আৰু থানাত গোচৰ তৰে হিতাধিকাৰীয়ে।

আনহাতে, উক্ত ঘটনাক কেন্দ্ৰ কৰি কেইদিনমান আগত ধুবুৰীৰ গৌৰীপুৰ বিদ্যুৎ সংমণ্ডলৰপৰা তিনিজনীয়া এটা সজাঁতি দল উক্ত অঞ্চলত আহি চৰ জমীন তদন্ত কৰে আৰু ৰাইজৰ পৰা হাত সাৰিবলৈ চূড়ান্ত তালিকাৰ পৰা সৌৰ বিদ্যুৎ নোপোৱা প্ৰতিগৰাকী হিতাধিকাৰীক ১৫-২০ দিনৰ ভিতৰত সৌৰ বিদ্যুৎ বিতৰণ কৰিব বুলি কথা দিয়ে যদিও দুখীয়া হিতাধিকাৰীক ৰাম ঠগন দি সৌৰ বিদ্যুতৰ নামত লাখ লাখ টকা লুণ্ঠন কৰা গাওঁবুঢ়া আৰু দালালৰ বিৰুদ্ধে শুক্ৰবাৰে দক্ষিণ শালমাৰা মানকাচৰ আৰক্ষী অধীক্ষকলৈ এখন গোচৰ ৰুজু কৰে হিতাধিকাৰীয়ে।

মন কৰিবলগীয়া যে, দেশত এশ শতাংশ বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দি গাদী দখল কৰা সৰ্বা চৰকাৰৰ প্ৰশাসনে বিদ্যুতে ঢুকি নোপোৱা চৰ চাপৰি অঞ্চলৰ দুখীয়া হিতাধিকাৰীক সৌৰ বিদ্যুৎ উদ্ধাৰ কৰি বিতৰণ কৰাত সফল হ'ব নে বুলি সচেতন মহলত প্ৰশ্ন উঠিছে আৰু লগতে লুণ্ঠনকাৰী গাওঁবুঢ়া, দালাল আৰু ঠিকাদাৰৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে এয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।