তামুলপুৰত ইউপিপিএলৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

 04/08/2019 - 14:38

তামুলপুৰ: সমাগত লোকসভা নিৰ্বাচনলৈ মাজত আৰু কেইটামান দিন বাকী থকা অৱস্থাত ৫ নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্বাচনী পৰিবেশ আকৰ্ষণীয় হৈ পৰিছে। সমষ্টিটোত আন আন দল সংগঠনৰ লগতে ইউপিপি এলেও ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে।

দলটোৱে ইতিমধ্যে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ইউ জি ব্ৰহ্মক প্ৰক্ষেপ কৰিছে। প্ৰাৰ্থীগৰাকীৰ প্ৰচাৰ কাৰ্য তীব্ৰতৰ কৰি তোলাৰ উদ্দেশ্যে আজি তামুলপুৰত দলটোৱে এটা নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে। কাৰ্যালয়টো আনুষ্ঠানিকভাবে মুকলি কৰে জ্যেষ্ঠ নাগৰিক তথা অৱসৰপ্ৰাপ্ত শিক্ষক ফণীধৰ কাকতিয়ে।

উদ্বোধনী ভাষণত তেওঁ ইউ জি ব্ৰহ্মৰ এইবাৰ বিজয় নিশ্চিত বুলি দাবী কৰে।

অনুষ্ঠানত জ্যেষ্ঠ নাগৰিক কামেশ্বৰ হাজৰিকা, অৱসৰপ্ৰাপ্ত শিক্ষক ৰজনীকান্ত বড়ো, ইউ পি পি এলৰ কেন্দ্ৰীয় নিৰ্বাচন পৰিচালনা সমিতিৰ প্ৰচাৰ সম্পাদক গণেশ নাথ, ইউপিপিএলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বাণীকান্ত বসুমতাৰী, কবিন বড়ো, প্ৰাক্তন এবছু নেতা জিতেন মোছাহাৰী আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।