ভানু যদি ৬০ বছৰীয়া বুঢ়া গৰু তেন্তে ৭৫ বছৰীয়া মোডী কি গৰুঃ ৰিপুন বৰা

 04/08/2019 - 14:56

বিশ্বনাথ চাৰিআলিঃ তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী এম জি কে ভানুৰ হৈ প্ৰচাৰ চলাবলৈ দেওবাৰে বিশ্বনাথৰ ধুলি চাহ বাগিচালৈ আহে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা।

নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ৰিপুন বৰাই তেজপুৰ লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী পল্লৱ লোচনক উভতি ধৰি প্ৰশ্ন কৰে ‘ভানু যদি ৬০ বছৰত বুঢ়া গৰু তেন্তে ৭৫ বছৰীয়া মোডী কি গৰু?’ ইয়াৰ লগতে বৰাই বিজেপি দল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে মোডীয়ে চকীদাৰ হওঁ বুলি কৈ দেশক অপমান কৰিছে।

তেওঁ দেশৰ চকীদাৰ হোৱা হ’লে পুলৱামা কাণ্ডত ৪২ জন জোৱান শ্বহীদ নহ’লহেঁতেন। ৰিপুন বৰাই লগতে কয় যে মোডীয়ে কি চকীদাৰী কৰিছে। মোডী যদি চকীদাৰ তেন্তে পুলিচৰ কি কাম। কংগ্ৰেছে দুখীয়াৰ বাবে দিয়া ১৩৩ খন আঁচনি বন্ধ কৰি বিজেপিয়ে এতিয়া ধনীৰ বাবে আঁচনি বনালে।

তেওঁ কয় যে ৩৫১ টকা চাহ শ্ৰমিকৰ মজুৰী বিজেপি চৰকাৰ আৰু পল্লৱ লোচনে বন্ধ কৰি চাহ শ্ৰমিকৰ পানীত হাঁহ নচৰা অৱস্থা কৰিছে। ৰাহুল গান্ধীয়ে দুখীয়াক বছৰি ৭২ হাজাৰ টকা দিম বুলি কোৱাৰ লগে লগে বিজেপিয়ে ভয় খাইছে। কেৱল ধনী লোকৰ বাবেহে বিজেপি চৰকাৰ। গতিকে বিজেপিক ভোট নিদিবলৈ ৰাইজক আহ্বান জনায় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।