বিলাসীপাৰাৰ ইছলাম নগৰত মৃতদেহ উদ্ধাৰঃ ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্য

 04/08/2019 - 15:30

বিলাসীপাৰাঃ ৰাজ্যখনত লোকসভা নিৰ্বাচনক লৈ জনতাৰ মাজত ব্যাপক চৰ্চা চলি থকাৰ সময়তে আজি বিলাসীপাৰাত উদ্ধাৰ হোৱা এটি মৃতদেহক লৈ ৰাইজৰ মাজত সৃষ্টি হৈছে ব্যাপক চাঞ্চ্যলৰ।

প্ৰাপ্ত বাতৰি অনুসৰি বিলাসীপাৰা আৰক্ষী থানাৰ নিচেই ওচৰৰ ইছলাম নগৰত মৃতদেহটো উদ্ধাৰ হৈছে। বিলাসীপাৰা পশ্চিম বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাৰ পুখুৰীত উপঙি থকা মৃতদেহটো একাংশই প্ৰত্যক্ষ কৰি বিলাসীপাৰা আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে দণ্ডাধীশৰ সহায়ত মৃতদেহটো উদ্ধাৰ কৰাৰ পিছত চিনাক্তকৰণ কৰি সেয়া বেপাৰীপাৰাৰ ৰহিজ উদ্দিনৰ মৃতদেহ বুলি জানিব পৰা গৈছে। ইফালে মৃত্যুৰ কাৰণ বৰ্তমান ৰহস্যজনক যদিও আৰক্ষীৰ তদন্তত ওলাই পৰিব বুলি সচেতন মহলে অনুমান কৰিছে

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।