বিজাপুৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ১০ মাওবাদী

 02/07/2019 - 16:57

ৰায়পুৰঃ ছত্তীশগড়ৰ বিজাপুৰত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত ১০জনকৈ মাওবাদী নিহত হয়। গোপন সূত্ৰৰ পম খেদি নিৰাপত্তাৰক্ষীৰ এটা দলে উক্ত অঞ্চলটোত অভিযান আৰম্ভ কৰে।

নিৰাপত্তাৰক্ষী দলৰ আগমনৰ বতৰা পাই মাওবাদীয়ে জধে-মধে গুলীয়াবলৈ আৰম্ভ কৰে। নিৰাপত্তাৰক্ষীয়ে গুলীৰ প্ৰত্যুত্তৰ দিয়াত ১০জনকৈ মাওবাদী নিহত হয়।

ঘটনাস্থলীৰ পৰা নিৰাপত্তাৰক্ষীয়ে উদ্ধাৰ কৰিছে বহু পৰিমাণৰ মাৰণাস্ত্ৰ। বৰ্তমানো অঞ্চলটোত অভিযান অব্যাহত ৰাখিছে নিৰাপত্তাৰক্ষীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।