ব্যৱসায়ী প্ৰশিক্ষণৰ বাবে এক ব্যতিক্ৰমী প্ৰচেষ্টা

 04/08/2019 - 15:47

গুৱাহাটী: আজিৰ পৰা ভাৰতবৰ্ষৰ ব্যৱসায়, বাণিজ্য আৰু উদ্যোগৰ ক্ষেত্ৰত এক নতুন গতি আৰম্ভণিৰে কৰি এটা এপ মুকলি কৰা হয়। সেই এপ'টোৰ নাম হয় এম.বি.টি.এচ।

এই এপ'টো ৬মাহৰ আগতে স্থাপিত হৈছিল যদিও এই এপ'টো সৰ্বভাৰত প্ৰচাৰৰ বাবে আজি গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰা হয়। এই এপ'টোৰ মূল উদ্দেশ্য হৈছে বিভিন্ন ব্যৱসায়ী ,উদ্যোগীক সহায় সুবিধা প্ৰদান কৰা।

এই এম.বি.টি.এচ এপ'টোৰ জৰিয়তে নতুন উদ্যোগ গঢ়ি তোলাত, বিভিন্ন ধৰণৰ ব্যৱসায় সম্বন্ধীয় পৰামৰ্শ আগবঢ়োৱাৰ পৰা আদি কৰি ব্যৱসায় বাণিজ্যৰ কাৰণে দৰকাৰী নথি-পত্ৰ, জি.এচ.টি, যন্ত্ৰপাতি, আইন সম্বন্ধীয়(ব্যৱসায়ৰ) বিভিন্ন বস্তু আদি ব্যৱসায়ৰ কাৰণে দৰকাৰী বস্তুৰ পৰা আদি কৰি বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানত লগা চাকৰি সম্বন্ধীয় সকলো তথ্য আৰু নিযুক্তি পোৱাত সহায় কৰিব। ইয়াৰ বিষয়ে অধিক জানিবলৈ www.mbtsmart.com(M.B.T.S)এই ৱেবছাইট চাব পাৰে।

সকলো ধৰণৰ ব্যৱসায় ওপৰত প্ৰশিক্ষণ দিয়াৰ লগতে অসমৰ থলুৱা বস্তুক লৈ ব্যৱসায় প্ৰতিষ্ঠানৰ কেনেদৰে কৰিব পাৰি তাৰ ওপৰতো অধিক গুৰুত্ব দি প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব বুলি প্ৰতিষ্ঠানৰ কৰ্মকৰ্তাসকলে জানিবলৈ দিয়ে। আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে প্ৰতিষ্ঠানটোৰ সঞ্চালক প্ৰদ্যুত কুমাৰ মহন্ত, সভাপতি বি.এল আগৰৱালা, লঘু উদ্যোগ ভাৰতী নৰ্থ ইষ্টৰ বিষয়ববীয়াৰ লগতে বহুতো বিশিষ্ট ব্যক্তি।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।