তামুলপুৰত বি পিএফ, বিজেপি-অগপৰ মিত্ৰ জোঁটৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

 04/08/2019 - 16:10

তামুলপুৰঃ অহা ২৩ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৫ নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফ, বিজেপি আৰু অগপ মিত্ৰ দলে ব্যাপক নিৰ্বাচনী তৎপৰতা অৱলম্বন কৰিছে।

উল্লেখযোগ্য যে কোকৰাঝাৰ সমষ্টিত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ মনোনীত আৰু বিজেপি -- অগপ দলৰ সমৰ্থিত প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মৰ প্ৰচাৰ কাৰ্য তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে আজি তামুলপুৰত প্ৰাৰ্থীগৰাকীৰ এটি নিৰ্বাচনী প্ৰচাৰ কাৰ্যলয় মুকলি কৰা হয়।

এক মাঙ্গলিক পৰিবেশত কাৰ্যালয়টো মুকলি কৰে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নাৰায়ণ ব্ৰহ্মই । উদ্বোধনী ভাষণত তেওঁ কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰমিলা ৰাণী ব্ৰহ্মৰ বিজয় সুনিশ্চিত বুলি দাবী কৰে। তেওঁ কয় যে বিটিএডিৰ অস্তিত্বৰ লগত বিপিএফ দলৰ ওতঃপ্ৰোত সম্পৰ্ক আছে।

বিপিএফ দলেই একমাত্ৰ ৰাজনৈতিক দল যিটো দলে বিগত সময়চোৱাত বিটিএডিত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকক আস্থা আৰু বিশ্বাসত লৈ কাম কৰি আহিছে। সেয়েহে বিপিএফ দলৰ ভাৱমূৰ্তি বজাই ৰখাটো সকলোৰে দায়িত্ব আৰু কৰ্তব্য বুলি দোহাৰে নাৰায়ণ ব্ৰহ্মই।

বিগত সময়চোৱাত বি টি এডিৰ উন্নয়নৰ গতি ক্ষীপ্ৰতৰ কৰি তোলা বিপিএফ দলক শক্তিশালী কৰাৰ স্বাৰ্থত প্ৰমিলাৰাণী ব্ৰহ্মক জয়যুক্ত কৰাবলৈ তেওঁ ৰাইজক আহ্বান জনায়।

অনুষ্ঠানত দলৰ সাধাৰণ সম্পাদক তথা বিধায়ক ইমানুৱেল মোছাহাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য দেবেন বড়ো, এমচিএলএ বিজিৎ গৌৰা নাৰ্জাৰী, ধৰ্ম নাৰায়ণ দাস, যুৱ বিপিএফৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সোমনাথ বসুমতাৰী, তামুলপুৰ সমষ্টি নিৰ্বাচন পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক মৃদুল ব্ৰহ্ম, তামুলপুৰ জিলা বিপিএফৰ সভাপতি কেশৱ ৰাজবংশী, সাধাৰণ সম্পাদক উপেন বসুমতাৰী, তামুলপুৰ মণ্ডল বিজেপিৰ সভাপতি হেমন্ত কুমাৰ ৰাভা, বিজেপি নেতা ৰাজেশ বড়ো, ৰাম বাস্তলা, অগপ নেতা হৰেশ্বৰ স্বৰ্গীয়াৰীকে ধৰি তিনিওটা দলৰ নেতা কৰ্মী আৰু সমৰ্থকসকল উপস্থিত থাকে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।