উগ্ৰ হিন্দুত্ববাদী যুৱকৰ আক্ৰোশৰ বলি নিৰীহ চউকাত আলী

 04/08/2019 - 16:54

বিশ্বনাথ চাৰিআলিঃ বিশ্বনাথ চাৰিআলিত সংঘটিত হৈছে এক দুৰ্ভাগ্যজনক ঘটনা। বিশ্বনাথৰ চউকাত আলী নামৰ লোক এজনে বিগত ৪০-৫০ বছৰ ধৰি হোটেলৰ ব্যৱসায় কৰি পৰিয়ালটোক পোহপাল দি আহিছে। এই লোকজন অতি সহজ-সৰল বুলি স্থানীয় লোকৰ সকলোৰে জ্ঞাত।

কাৰো সৈতে কেতিয়াও বিদ্বেষমূলক আচৰণ নকৰা চউকাত আলী বলি হৈছে তথাকথিত হিন্দুত্ববাদী সংগঠনৰ একাংশ সদস্যৰ অকথ্য নিৰ্যাতনৰ। জানিব পৰা মতে কিছুদিন আগতে একাংশ হিন্দুত্ববাদী সংগঠনৰ সদস্যই চান্দা বিচাৰি আহিছিল আলীৰ ওচৰলৈ।

দাবী অনুসৰি চউকাত আলীৰ পৰা চান্দা লাভ নকৰি সংগঠনটোৰ সদস্যসকল ক্ষোভিত হৈ উঠে। ইয়াৰ পাছৰে পৰাই আলীক আক্ৰমণ কৰাৰ চল বিচাৰি ফুৰিছিল সংগঠনটোৰ একাংশই। দেওবাৰে নিজা কাম সামৰি ঘৰমুৱা হোৱা আলীক হিন্দুত্ববাদী যুৱক কেইজনে তেওঁৰ বেগত গো মাংস আছে বুলি হুলস্থূল লগাই বৰ বেয়াকৈ বোকাত লুতুৰি পুতুৰি কৰি শাৰীৰিক আক্ৰমণ কৰে।

এই আক্ৰমণত গুৰুতৰ ভাৱে আহত হৈছে চউকাত আলী। আলীক আক্ৰমণ কৰা দৃশ্য কোনো লোকে কেমেৰাত বন্দী কৰে আৰু সেই দৃশ্য সম্প্ৰতি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এগৰাকী নিৰীহ লোকক এনেদৰে শাৰীৰিক ভাৱে অপদস্থ কৰা বাবে উগ্ৰ হিন্দুত্ববাদী যুৱক কেইজনক গৰিহনা দিছে সচেতন মহলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।