চাৰি দিনত ভৰি দিলে কুঁহিয়াৰ খেতিয়কৰ আন্দোলনে

 04/08/2019 - 17:25

হোজাইঃ হোজাই জিলা সদৰ শংকৰদেৱ নগৰত কুঁহিয়াৰ খেতিয়কে আৰম্ভ কৰা অনশনে আজি ৪ দিনত ভৰি দিলে৷ যোৱা ৪ এপ্ৰিলৰ পৰা কুঁহিয়াৰ খেতিয়কে সন্মুখীন হৈ অহা কেতবোৰ সমস্যা সমাধানৰ দাবীত অনশন কৰি আহিছে৷

হোজাই আৰু কাৰ্বি আংলং জিলাৰ কুঁহিয়াৰ খেতিয়কসকলে এই আন্দোলন কৰি আহিছে৷ চৰকাৰে গুড় নিষিদ্ধ কৰাৰ পিছত হোজাই আৰু কাৰ্বি আংলং জিলাৰ লামডিং, মাইলু, জেংকা, খেৰণি আদি অঞ্চলৰ কেবাশ কুঁহিয়াৰ খেতিয়কৰ জীৱনলৈ ঘোৰ অন্ধকাৰ নামি আহিছে৷

ফলত কৃষকসকলে এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰে৷ অসম ভোজপুৰী যুৱ ছাত্ৰ পৰিষদ, কিষাণ মজদুৰ সন্মিলনৰ নেতৃত্বত কুঁহিয়াৰ খেতিয়কসকলে এই আন্দোলন কৰি আহিছে৷

খেতিয়কসকলে গুড় বিক্ৰীৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা আৰু চুলাই মদ বিক্ৰী বন্ধ কৰাৰ দাবীত এই অনশন কাৰ্যসূচী ৰূপায়ন কৰি আহিছে৷ যোৱা ৪ এপ্ৰিলৰ পৰা চলি থকা কৃষকসকলৰ এই অনশন কাৰ্যসূচীৰ প্ৰতি হোজাই জিলা প্ৰশাসনে কোনো ইতিবাচক সঁহাৰি প্ৰদৰ্শন কৰা নাই৷ কৃষকসকলে নিজৰ সমস্যা সমাধান নোহোৱালৈকে এই আন্দোলন চলাই যাব৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।