ৰঙালী বিহু উপলক্ষে 'গামোচা মেলা'ৰ আয়োজন

 04/08/2019 - 17:35

গুৱাহাটী: আজি দিনৰ ১বজাত আমবাৰীস্থিত বস্ত্রতাঁত আৰু বস্ত্রশিল্প সঞ্চালকালয়ৰ 'বস্ত্রভৱন' প্ৰাংগণত ৰঙালী বিহু উপলক্ষে 'গামোচা মেলা ২০১৯' শীৰ্ষক এখনি মেলা উদ্বোধন কৰা হয়।

অসম চৰকাৰৰ হস্ততাঁত আৰু হস্তশিল্প বিভাগৰ কামৰূপ জিলাৰ সহকাৰী সঞ্চালকৰ কাৰ্যালয়ৰ উদ্যোগত আয়োজিত হোৱা এই মেলাখন অহা ১৩ এপ্ৰিল পৰ্য্যন্ত অনুষ্ঠিত হ'ব।

আজিৰ এই মেলাখন উদ্বোধন কৰে বিভাগীয় সঞ্চালিকা কবিতা ডেকাই। বিভাগীয় বিষয়া- কৰ্মচাৰীসকলৰ উপস্থিতিত উদ্বোধন হোৱা এই মেলাখন প্ৰতিদিনে ১০ বজাৰপৰা ৮ বজালৈ খোলা থাকিব। উদ্বোধনী ভাষণত সঞ্চালিকা ডেকাই আগন্ত্তক ৰঙালী বিহুৰ লগতে অসমীয়া নৰ্ৱবৰ্ষৰ ওলগ জনায় কয় যে, প্ৰায় ৩০ হাজাৰখন গামোচাৰ লগতে অন্যান্য বস্তুৰ বিক্ৰীৰ জৰিয়তে তেওঁলোকে প্ৰায় ৪৫ লাখ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে

হস্ততাঁত(বস্ত্র উৎপাদন সংৰক্ষণ) আইন ১৯৮৫ খন সফল ৰূপায়ণ হৈ থকা বাবে থলুৱাভাৱে নিৰ্মিত গামোচা, চাদৰ-মেখেলা আদিৰ চাহিদা বৃদ্ধি পোৱাটো এক শুভ লক্ষণ বুলি তেওঁ উল্লেখ কৰে।

বিভাগীয় চক্ৰ পৰিদৰ্শক ৰাবুল শইকীয়াই আঁত ধৰা এই উদ্বোধনী অনুষ্ঠানত পৰিদৰ্শকগৰাকীয়ে অসমৰ ৰাইজক বহি:ৰাজ্যৰ বিদুৎ চালিত তাঁতশালত উৎপাদিত গামোচা পৰিত্যাগ কৰি অসমীয়া থলুৱা শিল্পীৰ হাতেৰে বোৱা গামোচা প্ৰিয়জনক ৰঙালী বিহুৰ উপহাৰ দিবলৈ অনুৰোধ জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।