ধাৰাপুৰত ঢোলৰ চেঁৱত কঁকাল ভাঙিলে শ্যামন্তিকাই

 04/08/2019 - 17:40

গুৱাহাটীঃ হেঁপাহৰ ৰঙালী বিহু পদূলিমুখ পোৱাৰ সময়তে ধাৰাপুৰত কণমানিসকলৰ লগত ঢোলৰ চেঁৱত কঁকাল ভাঙি নাচিলে অসমৰ জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকাই শৰ্মাই। 

শ্যামন্তিকাৰ লগত একেলগে বিহু নৃত্য নাচিলে কনমানিসকলে। প্ৰথমবাৰৰ বাবে সৃজনী সংঘৰ উদ্যোগত দুলু ঠাকুৰীয়াৰ প্ৰশিক্ষণত অনুষ্ঠিত হোৱা আঠদিনীয়া বিহু নৃত্যৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত অভিনেত্ৰী শ্যামন্তিকাই অংশগ্ৰহণ কৰি অধিক উৎসাহিত কৰিলে কৰ্মশালাত যোগদান কৰা কণমানিসকলৰ লগতে আখৰাত ব্যস্ত ডেকা-গাভৰুসকলক।

ধাৰাপুৰৰ লগতে মহানগৰীৰ ভিন্ন প্ৰান্তৰ কণমানিয়ে উক্ত কৰ্মশালাত অংশগ্ৰহণ কৰে। সৃজনী সংঘৰ সভাপতি কল্যাণী ঠাকুৰীয়া আৰু ময়ূৰী ঠাকুৰীয়াৰ এই প্ৰচেষ্টাক শলাগ লৈছে ধাৰাপুৰবাসীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।