মটক যুৱ-ছাত্ৰ পৰিষদৰ সদ্য পদত্যাগী সভাপতি যুগল বৰুৱাক বিদায় সম্বৰ্ধনা

 04/08/2019 - 17:57

ডিব্ৰুগড়ঃ মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা এখনি আজি চাবুৱা হৰগুণৰায় ভেৰুদন প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হৈ যায়। পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক তুষাৰ ৰঞ্জন চেতিয়াই আঁত ধৰা সভাত সভাপতিত্ব কৰে পৰিষদৰ উপ-সভাপতি নিযুত বৰাই।

উক্ত সভাত মটক যুৱ-ছাত্ৰ পৰিষদৰ সদ্য প্ৰাক্তন সভাপতি যুগল বৰুৱাক আনুষ্ঠানিক ভাৱে বিদায় জনোৱাৰ লগতে পৰিষদৰ নতুনকৈ যোগদান কৰা সত্যনাথ গোহাঁইক আদৰণি জনায়। আনহাতে মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সভাপতি হিচাপে নিযুত বৰাক নিৰ্বাচিত কৰে।

লগতে পৰিষদৰ আগন্তুক দিনৰ কাৰ্যপন্থাৰ সন্দৰ্ভত আলোচনা কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। উক্ত সভাতেই কিছুমান সংবাদ পত্ৰত মটক যুৱ-ছাত্ৰ পৰিষদৰ সদ্য পদত্যাগী সভাপতি যুগল বৰুৱাৰ লগতে সংগঠনৰ চৰিত্ৰত আঘাত হনা, মনেসজা বাতৰি পৰিৱেশন কৰাত পৰিষদে তীব্ৰ নিন্দা কৰাৰ লগতে সম্পূৰ্ণ তথ্য নাথাকিলে এটা সংগঠনৰ ওপৰত এনে আঁভুৱাভৰা বাতৰি পৰিবেশন নকৰিবলৈ সকিয়াই দিয়ে।

সভাত কাৰ্যকৰী সভাপতি পুলিন কোঁৱৰ, সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱাকে ধৰি কেন্দ্ৰীয় সমিতিৰ সমূহ বিষয়ববীয়া উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।