উৰ্মিলাৰ বিৰুদ্ধে সৰৱ বিজেপি

 04/08/2019 - 18:14

ডিজিটেল ডেস্ক: অভিনেত্রী তথা কংগ্ৰেছ দলৰ মুম্বাই নৰ্থ চীটৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী উৰ্মিলা মাতোণ্ডকাৰে ভগৱানক লৈ বিতৰ্কিত মন্তব্য কৰা বুলি অভিযোগ তুলিছে বিজেপিয়ে।

বলিউড অভিনেত্রী তথা আগন্ত্তক লোকসভা নিৰ্বাচনৰ মুম্বাই নৰ্থ চীটৰ প্ৰাৰ্থী উৰ্মিলা মাতোণ্ডকাৰে কংগ্ৰেছত যোগদান কৰাৰেপৰা চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বৰ্তমান তেওঁ ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত।

ইয়াৰ মাজতে বিজেপি নেতা সুৰেশ নাখুৱাই অভিযোগ তুলিছে যে, উৰ্মিলা মাতোণ্ডকাৰে এটা ব্যক্তিগত টিভি চেনেলৰ অনুষ্ঠানত হিন্দু ধৰ্মৰ ওপৰত এটা বিৰুপ মন্তব্য কৰিছে। সুৰেশ নাখুৱাই লগতে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী আৰু এজন সাংবাদিকৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰিছে।

এই সন্দৰ্ভত উৰ্মিলাই মন্তব্য কৰে যে, “বিজেপিয়ে মোৰ ওপৰত মিছা অভিযোগ তুলিছে। মই কোনো বিতৰ্কিত মন্তব্য কৰা নাছিলো। বিজেপিয়ে ৰহণ সানি বিষয়টো সলনি কৰিছে।"

তেওঁ লগতে উল্লেখ কৰে যে, “হিন্দুত্বৰ নামত ৰাজনীতি কৰি বিজেপিয়ে জনসাধাৰণৰ মাজত এক অপপ্ৰচাৰৰ চেষ্টা চলাইছে। সম্প্ৰতি বিজেপিক সমালোচনা কৰিলেই তেওঁলোক হৈ পৰে আক্ৰমণাত্মক। যাৰ চিকাৰ হৈছো মই। মই বিজেপিক চূড়ান্তভাৱে নিন্দা কৰিছো।"

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।