বৰপেটাৰ পশ্চিম ইটাৰভিঠাত ক্ষুদ্ধ জনতাৰ ভোট বৰ্জনৰ সিদ্ধান্ত

 04/08/2019 - 18:37

বৰপেটাঃ বৰপেটা বিধানসভা সমষ্টিৰ পশ্চিম ইটাৰভিঠা-বৰবালা পথৰ মাজত ১৫ বছৰ পূৰ্বে হৈ যোৱা বানপানীৰ ফলত প্ৰকাণ্ড খাল আজিও পূতি নিদিয়াত যাতায়তৰ ক্ষেত্ৰত ৰাইজে নৰক যন্ত্ৰণা ভূগিবলগীয়া হৈছে।

ফলত অঞ্চলটোৰ ৰাইজ জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ এপ্ৰিল মাহৰ ২৩ তাৰিখত হ’বলগীয়া লোক সভাৰ নিৰ্বাচন বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাইজে অভিযোগ কৰা মতে দৈনিক হাজাৰ হাজাৰ লোক যাতায়ত কৰা এই পথছোৱা বানপানীয়ে ক্ষতিগ্ৰস্ত কৰাৰ পাছত ৩ গৰাকী বিধায়ক, ৩ গৰাকী সাংসদ আৰু পঞ্চায়ত প্ৰতিনিধি পাৰ হৈ গ’ল যদিও ৰাইজৰ স্বাৰ্থত এজনো প্ৰতিনিধি আগবাঢ়ি নাহিল।

যাৰ বাবে কেৱল নেদেখাজনকে স্মৰণ কৰি ৰাইজে এই পথেৰে অহা-যোৱা কৰে। ক্ষুদ্ধ লোকে চৰকাৰ তথা জনপ্ৰতিনিধিৰ বিৰুদ্ধে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰি এইদৰে ক্ষোভ প্ৰকাশ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।