মোডীৰ চকীদাৰ হোৱাৰ যোগ্যতা নাই: অসম সংগ্ৰামী মঞ্চ

 04/08/2019 - 18:48

গুৱাহাটী: মোডীক মহা অভিযোগৰে পূৰ্ণ চকীদাৰ আখ্যা অসম সংগ্ৰামী মঞ্চৰ। আজি গুৱাহাটী প্ৰেছ ক্লাবত অসম সংগ্ৰামী মঞ্চই এখন সংবাদ মেলৰ আয়োজন কৰে।

সংবাদমেলৰ জৰিয়তে তেওঁলোকে জনায় যে, অসম সংগ্ৰামী মঞ্চৰপৰা আগন্ত্তক লোকসভা নিৰ্বাচনত ৫টা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়োৱা হৈছে। ডিব্ৰুগড়ৰ প্ৰাৰ্থী ইজৰাইন মণ্ডল, তেজপুৰৰ প্ৰাৰ্থী বিজয় তিৰু, যোৰহাটৰ প্ৰাৰ্থী নন্দিতা নাথ, লক্ষীমপুৰৰ প্ৰাৰ্থী প্ৰভূলাল বৈষ্ণৱী আৰু ডিফুৰ প্ৰাৰ্থী হলিৰাম তিৰু।

লগতে মঞ্চই জনায় যে, অসম সংগ্ৰামী মঞ্চৰ প্ৰাৰ্থীৰ সংখ্যা কম যদিও লোকসভা নিৰ্বাচনৰ বাবে তেওঁলোকে সজাগতাৰ সৃষ্টি কৰিব। আগন্ত্তক লোকসভা নিৰ্বাচনত এইবাৰ বিজেপিক ভোট নিদিবলৈ প্ৰচাৰ চলাব অসম সংগ্ৰামী মঞ্চই।

আনহাতে, সংবাদ মাধ্যমৰ আগত জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকনে কয় যে, বিজেপিয়ে এইবাৰ নিৰ্বাচন প্ৰক্ৰিয়াটো অতি নিম্ন পৰ্যায়লৈ লৈ গৈছে। আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ চকীদাৰবোৰক অৱমাননা কৰিছে। লগতে তেওঁ মোডীক কটাক্ষ কৰি কয় যে, তেওঁ দেশৰ চকীদাৰ নহয়।

মোডী দেশৰ চকীদাৰ হোৱা হ'লে গুজৰাটত ১,০৪৪ জন নাগৰিকৰ মৃত্যু ন'হল হয়। মোডী দেশৰ চকীদাৰ হোৱা হ'লে ২০১৪ চনত ১২,৩৬০ জন আৰু ২০১৫ চনত ১২,৬০২ জন কৃষকে আত্মহত্যা কৰিব লগা ন'হল হয়। মোডী দেশৰ চকীদাৰ হোৱা হ'লে ২০১৪ চনৰপৰা ২০১৯ ৰ ৩ ফেব্ৰুৱাৰীলৈ দেশত সন্ত্ৰাসবাদী আহি ৩৪৬ জন জোৱানক হত্যা কৰাৰ সাহস নকৰিলে হয়।

লগতে, তেওঁ প্ৰধানমন্ত্ৰী মোডীক সংবাদমেলৰ যোগে প্ৰশ্ন কৰে যে, বিমুদ্ৰাকৰণ আৰু জিএছটি ব্যৱস্থাৰে আপুনি কাৰ স্বাৰ্থ সুৰক্ষিত কৰিলে? টাটা, আম্বানী ভাতৃ, আদিত্য বিৰলা, মহিন্দ্ৰা বিজেন্দ্ৰা, আদানি, জে এছ ডব্লিউ গ্ৰুপ, বাজাজ, মুৰুপাকা গ্ৰুপ আদি বৃহৎ পুঁজিপতিৰ আপুনি চকীদাৰ হৈ পৰিল।

বিজেপিৰ দিনতে ২৫ ৰপৰা ৩০ নিযুত লোকে সংস্থাপন হেৰুৱালে বুলিও উল্লেখ কৰে সাংবাদিকগৰাকীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।