জাগীৰোডত কংগ্ৰেছ আৰু বিজেপি দলৰ মাজত উত্তপ্ত পৰিস্থিতি

 04/08/2019 - 19:37

জাগীৰোডঃ প্ৰদ্যুৎ বৰদলৈৰ সভাৰ অন্তত কংগ্ৰেছ আৰু বিজেপি এই দুই দলৰ কৰ্মীৰ মাজত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ৷

আজি জাগীৰোডত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়৷ সভাৰ কাষতে থকা বিজেপিৰ কাৰ্যালয়ত কৰ্মকৰ্তাই উচ্চ স্বৰত মাইক বজাই কংগ্ৰেছৰ সভাত বাধা প্ৰদানৰ অভিযোগৰ লগতে অস্বস্তি অনুভৱ কৰি বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰে প্ৰদ্যুৎ বৰদলৈয়ে৷

সভাৰ অন্তত প্ৰদ্যুৎ বৰদলৈয়ে সেই স্থান ত্যাগ কৰাৰ পিছতে দুই দলৰ কৰ্মীৰ মাজত সৃষ্টি হয় তীব্ৰ বাক বিতণ্ডাৰ। এটা সময়ত পৰিস্থিতিয়ে উত্তপ্ত ৰূপ ধাৰণ কৰে৷ পিছত ঘটনাস্থলীত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী উপস্থিত হৈ নিয়ন্ত্ৰন কৰে পৰিস্থিতি৷

ইফালে আজি নিৰ্বাচনী সভাত প্ৰদ্যুৎ বৰদলৈয়ে পীযুষ হাজৰিকাক সৰ্বজান্তা আৰু ৰমাকান্ত দেউৰীক অসভ্য বুলি আখ্যা দিয়ে ৷ আনহাতে প্ৰদ্যুৎ বৰদলৈয়ে নগাঁৱত লোৱা ভাড়াঘৰৰ ম্যাদ কেৱল এক মাহ বুলি পীযুষ হাজৰিকাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কটাক্ষৰ সুৰত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘৰ তেওঁলোকে জিকি অহা সমষ্টিটোত আছে নেকি?

লগতে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীক অসভ্য আখ্যা দি কোনো দিনে আৰু ৰমাকান্ত দেউৰী মৰিগাঁৱৰ বিধায়ক হব নোৱাৰাৰ লগতে তেওঁ কংগ্ৰেছৰ আৱৰ্জনা আছিল বুলি মন্তব্য কৰে৷ ইফালে আগন্তুক বিধানসভা নিৰ্বাচনত ৰমাকান্ত দেউৰী জয়ী হ’ব নোৱাৰে বুলি দৃঢ়তাৰে প্ৰকাশ কৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।