বিলাসীপাৰাত বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমীক সম্বৰ্ধনা

 04/08/2019 - 19:41

বিলাসীপাৰা: বিলাসীপাৰাত সোমবাৰে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। ২০১৮-১৯ বৰ্ষৰ শ্ৰেষ্ঠ বিধায়কৰ বঁটা গ্ৰহণ কৰি আজি নিজ সমষ্টি বিলাসীপাৰাত উপস্থিত হয় বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমী। বিভিন্ন দল সংগঠনে তেওঁক বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে।

উল্লেখ্য যে, অসম বিধানসভাই ২০১৮-১৯ বৰ্ষৰ শ্ৰেষ্ঠ বিধায়ক হিচাপে নিৰ্বাচিত কৰে পশ্চিম বিলাসীপাৰাৰ এআইইউডিএফ দলৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমীক।

সদনৰ বিধি তথা মৰ্যাদা অক্ষুন্ন ৰাখি পাৰদৰ্শিতাৰে ৰাজ্যখনৰ বিষয়সমূহ যুক্তি আৰু তথ্যৰ আধাৰত গঠনমূলক পৰ্যালোচনা কৰাৰ ভিত্তিত বিধায়কগৰাকীক শ্ৰেষ্ঠ বিধায়ক হিচাপে নিৰ্বাচিত কৰে।

কালি বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ পৰা শ্ৰেষ্ঠ বিধায়কৰ সন্মান গ্ৰহণ কৰি আজি বিলাসীপাৰাত উপস্থিত হয় বিধায়কগৰাকী। আজি বিয়লি দলৰ জিলা সমিতিৰ কাৰ্যালয়ত জিলা সভাপতি হাজী আব্দুল খালেকৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন সম্বৰ্ধনা সভা।

সভাত দলীয় নেতা-কৰ্মীৰ লগতে বিভিন্ন দল সংগঠনে ফুলাম গামোচা, জাপি, শৰাই আদিৰে বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে বিধায়কগৰাকীক। সম্বৰ্ধনা গ্ৰহণ কৰি আৰু অধিক উৎসাহেৰে কাম কৰি যোৱাৰ সংকল্প ল'লে বিধায়কগৰাকীয়ে।

আনহাতে, বিধায়ক হাফিজ বছিৰে শ্ৰেষ্ঠ বঁটাৰ লগতে লাভ কৰা এক লাখ টকা পুলৱামাত হোৱা শ্বহীদৰ পৰিয়ালক উৎসৰ্গা কৰে বুলি বিধায়কগৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়ে |

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।