অভিমানীৰ শুভমুক্তি

 04/08/2019 - 20:04

গুৱাহাটীঃ ৰঙালী বিহুৰ প্ৰাক মুহুৰ্তত আজি গুৱাহাটী প্ৰেছ ক্লাৱত অভিমানী নামৰ এটা গীতৰ এলবাম মুকলি কৰা হয়। এলবামটোত কণ্ঠদান কৰিছে জুবিন গাৰ্গ আৰু লিনা কলিতাই।

এই গীতত কথা আৰু সুৰ অৰ্পনা ৰয়ৰ, সংগীত জাকিৰ হুছেইনৰ। এই গীতৰ ভিডিঅ’ৰ কাম ইতিমধ্যে প্ৰায় শেষ হোৱাৰ পথত। কিছুদিনৰ পিছত ভিডিঅ’টো অসমবাসীৰ আগত মুকলি কৰা হ’ব বুলি জনাইছে উদ্যোক্তাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।