ৰঙাপৰাত সুৰা আৰু চুলাই মদ জব্দঃ আটক ১

 04/08/2019 - 20:16

ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ৰঙাপৰা নগৰৰ ৰে’লৱে কলনিত আৱকাৰী বিভাগে আজি স্থানীয় সুৰা আৰু চুলাই মদৰ  বিৰুদ্ধে অভিযান চলায় অবৈধ সুৰা জব্দ কৰে।

বিভাগীয় সুত্ৰৰ পৰা জানিব পৰা মতে আৱকাৰী উপ পৰিদৰ্শক জয়ন্ত চৌধুৰীৰ নেতৃত্বত যোৱা আৱকাৰী দলে আজি অতৰ্কিতে অভিযান চলাই অবৈধ সুৰাৰ সৈতে জড়িত থকাৰ সন্দেহত এজন অভিযুক্তক আটক কৰিবলৈ সক্ষম হোৱাৰ লগতে ৮ কেছ দেশীয় সুৰা জব্দ কৰে।

লোকসভা নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত আৱকাৰীয়ে অঞ্চলটোত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তোলা পৰিলক্ষিত হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।