গ্ৰেপ্তাৰ হ’ল দুধৰ্ষ এনডিএফবি(ছ) সদস্য মংগল ব্ৰহ্ম

 04/09/2019 - 13:11

ওদালগুৰিঃ ওদালগুৰিৰ হৰিশিঙাত আৰক্ষীৰ জালত পৰিছে এজন দুধৰ্ষ এনডিএফবি(ছ) সদস্য।

গোপন সূত্ৰৰ খবৰৰ ভিত্তিত হৰিশিঙা আৰক্ষীয়ে হৰিশিঙা ৰে’ল ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ কৰে উগ্ৰপন্থী সদস্যজনক। উগ্ৰপন্থীজনৰ নাম মংগল ব্ৰহ্ম ওৰফে মুলুকছা বুলি জানিব পৰা গৈছে।

সদস্যজনৰ ঘৰ ওদালগুৰি আৰক্ষী থানাৰ অন্তৰ্গত দুই নং শিমলুগুৰিত। ২০১২ চনত এনডিএফবি সংগঠনত যোগদান কৰিছিল মংগলে। সংগঠনটোৰ ৩৯ নম্বৰ গোটৰ সদস্য আছিল মংগল ব্ৰহ্ম। ম্যানমাৰত প্ৰশিক্ষণপ্ৰাপ্ত আছিল দুধৰ্ষ সদস্যগৰাকী।

হৰিশিঙা আৰক্ষীয়ে বৰ্তমান তেওঁৰ ওপৰত চলাই আছে মাৰাথান জেৰা। আজি আদালতত হাজিৰ কৰোৱা হ’ব গ্ৰেপ্তাৰ হোৱা এনডিএফবি(ছ) সদস্যগৰাকীক। আৰক্ষীয়ে মংগল ব্ৰহ্মক নিজৰ জিম্মাত বিচাৰিব বুলি এক সূত্ৰ‌ত প্ৰকাশ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।