বিহগী মিডিয়া গ্ৰুপৰ ৰামধেনু বঁটা ঘোষণা

 04/09/2019 - 13:38

ডিজিটেল ডেস্ক: অসমৰ এক সামাজিক, সাংস্কৃতিক আৰু সাংবাদিক সংস্থা 'বিহগী মিডিয়া গ্ৰুপে' প্ৰতিবছৰে অসমৰ সংবাদ মাধ্যম, চিন্তাবিদ, বুদ্ধিজীৱী, সাহিত্যিক, কণ্ঠশিল্পী, অভিনেতা-অভিনেত্রী, সমাজকৰ্মী আদি বিভিন্ন দিশত থকা যোগ্য ব্যক্তিলৈ 'ৰামধেনু' সন্মান আগবঢ়াই আহিছে।

এইবছৰো তেওঁলোকে অসমৰ বিভিন্ন ক্ষেত্ৰত জড়িত ব্যক্তিসকলক এই সন্মান আগবঢ়াইছে। প্ৰতিবছৰে সাংস্কৃতিক জগতখনত বৰঙণি আগবঢ়োৱা ব্যক্তিসকলক এই বঁটা প্ৰদান কৰা হয়।

এইবাৰ বিপিন চাউদাঙলৈ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা, অভিনেতা প্ৰসেনজিৎ বৰুৱা (ৰাজমুকুট থিয়েটাৰ) লৈ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা, অভিনেত্ৰী ভ্ৰান্তী মেধী (বৃন্দাবন থিয়েটাৰ) লৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা, ৰং চেনেলৰ ধাৰাবাহিক নূপূৰৰ অভিনেত্ৰী বাব্লি আৰ বৰালৈ শ্ৰেষ্ঠ খলনায়িকাৰ বঁটা, অসমীয়া চলচ্চিত্ৰ ক্ৰোধৰ বাবে শ্ৰেষ্ঠ সহঃ অভিনেতাৰ বঁটা পৰাণ কমললৈ, শ্ৰেষ্ঠ সহঃ অভিনেতাৰ বঁটা জিতু শৰ্মালৈ (থিয়েটাৰ ভাগ্যদেৱী) এইসকল সাংস্কৃতিক জগতখনলৈ বৰঙণি আগবঢ়োৱা ব্যক্তিসকলক ৰামধেনু সন্মান আগবঢ়াই বিহগী মিডিয়া গ্ৰুপে।

আৰু লগতে বিভিন্ন সামাজিক কামত বৰঙণি আগবঢ়োৱা ব্যক্তিসকলকো সন্মান দিয়ে। সঞ্চালক কনক কলিতাই জনায় যে, আন আন শিতানত বঁটাপ্ৰাপ্তসকলৰ নিৰ্বাচন প্ৰক্ৰিয়া চলি আছে।

অতি শীঘ্ৰে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব। আনুষ্ঠানিকভাৱে মে'ৰ শেষৰ ফালে এই বঁটাসমূহ প্ৰদান কৰাৰ সম্ভাৱনা আছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।