যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধৰ্ণা কাৰ্যসূচী

 10/01/2019 - 16:00

যোৰহাটঃ যোৰহাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধৰ্ণা কাৰ্যসূচী। অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আৰু ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত যোৰহাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৰ সদস্যই।

তেওঁলোকৰ দাবী, দেশৰ উন্নয়নৰ শ্লগানেৰে গাদী দখল কৰা বিজেপি চৰকাৰে যদি অনাগত দিনত মূল্যবৃদ্ধি ৰোধ নকৰে তেনেহলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াতকৈও জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।