'ইণ্ডিয়া ৰেংকিং ২০১৯'ৰ সমীক্ষাত নৱম স্থান দখল আইআইটি গুৱাহাটীৰ

 04/09/2019 - 14:00

উত্তৰ গুৱাহাটী: গুৱাহাটী আইআইটি উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰী শৈক্ষিক প্ৰতিষ্ঠান। উচ্চ শিক্ষা বিজ্ঞান় প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান হিচাপে চিহ্নিত হৈছে আইআইটি।

ভাৰতৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ অধীনৰ নেচনেল ইন্সটিটিউচনেল ৰেকিঙ ফ্ৰেমৱাকচে প্ৰতি বছৰে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানবোৰৰ প্ৰদৰ্শন মূল্যাংকন কৰি স্হান নিৰ্ধাৰণ কৰে। ৰাষ্ট্ৰীয় ভিত্তিত অনুষ্ঠিত সমীক্ষাৰ 'ইণ্ডিয়া ৰেংকিং ২০১৯'ৰ ফলাফল অনুসৰি গুৱাহাটী আইআইটিয়ে সকলো শিক্ষা অনুষ্ঠানৰ ভিতৰত নৱম স্থান দখল কৰিছে।

আনহাতে, কাৰিকৰী প্ৰযুক্তিবিদ্যা শিক্ষাত সপ্তম স্থান দখল কৰে আইআইটি উত্তৰ পূৰ্বাঞ্চলে। উল্লেখনীয় যে, বিগত ৩ বছৰত আইআইটি গুৱাহাটীয়ে একেৰাহে সপ্তম স্থান দখল কৰিবলৈ সক্ষম হৈছে।

৮ এপ্ৰিলত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে এই বঁটাসমূহ প্ৰদান কৰে।

গুৱাহাটী আইআইটিৰ হৈ সঞ্চালক প্ৰফেছৰ গৌতম বিশ্বাস, প্ৰফেছৰ পৰমেশ্বৰ কে আইয়াৰ উপস্থিত থাকি গুৱাহাটী আইআইটিৰ হৈ পদক গ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।