আমেৰিকাৰ 'ইয়ং ইনভেষ্টিগেটৰ' পুৰষ্কাৰ অসমৰ সত্যকাম বৰুৱালৈ

 04/09/2019 - 14:16

ডিজিটেল ডেস্কঃ ৰঙালী বিহুৰ প্ৰাক ক্ষণত অসমলৈ আহিছে সুখবৰ। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলি উঠিছে এগৰাকী অসম সন্তান। নাম তেওঁৰ ড° সত্যকাম বৰুৱা।

কানাডাৰ ৰয়েল কলেজ অৱ ফিজিছিয়ানছ এণ্ড চাৰ্জনছৰ দ্বাৰা প্ৰকাশিত নিউৰ’চাৰ্জাৰী বুলেটিনৰ ২০১৯ চনৰ প্ৰথম সংখ্যাত ওলোৱা তথ্য মতে, কানাডাৰ মনট্ৰিল চহৰত অৱস্থিত নিউৰল’জিকেল ইনষ্টিটিউট আৰু হাস্পতাল, দ্য নিউৰৰ এপিলেপ্টিক চাৰ্জাৰীৰ ক্লিনিকেল ফেল’ ড° সত্যকাম বৰুৱাই তেখেতৰ ‘দ্য চেঞ্জিং নেচাৰ অৱ এপিলেপছিঃ এ ৰিভিউ অৱ প্ৰেক্টিছ প্ৰ’ফাইলছ’ নামৰ গৱেষণা পত্ৰৰ বাবে আমেৰিকান এপিলেপছী ছ’চাইটিৰ ২০১৮ চনৰ ইয়ং ইনভেষ্টিগেটৰ পুৰষ্কাৰ লাভ কৰিছে।

অসমৰ ডিব্ৰুগড় চহৰত জন্ম গ্ৰহন কৰা ড° বৰুৱাই ছিলঙৰ নেহুত অৱস্থিত কেন্দ্ৰীয় বিদ্যালয়ত স্কুলীয়া শিক্ষা, শিলচৰ মেডিকেল কলেজৰ পৰা এমবিবিএছ আৰু গুৱাহাটী মেডিকেল কলেজৰ পৰা শৈল চিকিৎসাৰ এম.এছ ডিগ্ৰী লাভ কৰিছিল।

তাৰপিছত বাংগালুৰুৰ নিমহেন্স (NIMHANS)ৰ পৰা এম চি.এইছ ডিগ্ৰী লাভ কৰি উক্ত প্ৰতিষ্ঠানতে ছিনিয়ৰ ৰেছিডেণ্ট হিচাবে কাম কৰিছিল। তাৰ পৰা তেখেতে দিল্লীৰ মেদান্ত দ্য মেডিচিটি হাস্পতালত নিউৰ’ চাৰ্জন হিচাবে যোগ দিয়ে। মেদান্তত কাৰ্যনিৰ্বাহ কৰাৰ সময়তে তেখেতে এপিলেপ্টিক চাৰ্জাৰিত প্ৰশিক্ষণৰ বাবে এম এন আইত ছাৰ্লি ফাৰ্গুচন এণ্ড মাৰ্ক ৰেইপৰ্ট ফেল’শ্বিপ লাভ কৰে।

পৃথিৱীৰ শক্তিধৰ ৰাষ্ট্ৰত এনেদৰে মেধা আৰু প্ৰতিভাৰ বলত সন্মান অৰ্জন লভিবলৈ সক্ষম হোৱা সত্যকামক লৈ উৎফুল্লিত হৈ পৰিছে অসমবাসী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।