পূৰ্ণগতিত চলিছে শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ কাম

 04/09/2019 - 14:42

উত্তৰ গুৱাহাটী: শৰাইঘাটৰ পুৰণি দলঙ মেৰামতিৰ কাম পূৰ্ণগতিত চলিছে। বৰ্তমান এই দলঙখনৰে যানবাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ ৰখা হৈছে। বহুবছৰ পূৰ্বে ১৯৬২ চনত গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰে'লপথযুক্ত দলঙখনেই হৈছে শৰাইঘাট দলং।

শৰাইঘাট দলং ৰাজ্যবাসীৰ বাবে এক গৌৰৱ। এই বৃহৎ দলঙখনে সম্পূৰ্ণ কৰিলে গৌৰৱোজ্জ্বল ৫৭টা বৰ্ষ। সাক্ষী হৈ ৰ'ল অসমৰ ইতিহাসৰ বহু বিৰল ঘটনাৰ। দলঙখন পুৰণি হৈ অহাৰ বাবে কেইবাঠাইতো ফাট মেলাৰ পৰিপ্ৰেক্ষিততে পুনৰ নিৰ্মাণ কৰাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱেই ৩ মাহৰ বাবে বন্ধ ৰাখিছে যাতায়ত।

দলঙখনৰ কেইবাঠাইতো ফাট মেলাত লোৰ প্লেটেৰে ঢাকি অব্যাহত ৰখা হৈছিল যাতায়াত। বৰ্তমান বিগত এমাহ জুৰি দ্ৰুতগতিত দলঙখনৰ মেৰামতিৰ কাম চলাইছে অভিজ্ঞ অভিযন্তাৰ নিৰিক্ষণত শ্ৰমিকসকলে। ইতিমধ্যে, কাম বহুখিনি আগবাঢ়িছে।

আনহাতে, দলঙখন বন্ধ হোৱাৰ ফলত আমিনগাঁৱলৈ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিদিনে সৃষ্টি হয় তীব্ৰ যান-জঁটৰ৷ প্ৰতি সপ্তাহৰ সোমবাৰৰ দিনটো এই যান-জঁট বেছিকৈ হোৱা পৰিলক্ষিত হৈছে। আৰক্ষীৰ যান-বাহন নিয়ন্ত্ৰণ শাখাই যান-জঁট নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

বৰ্তমান গুৱাহাটীত বৰষুণ হৈ থকাৰ ফলত দেখা গৈছে অলপ বৰষুণ হ'লেই নতুন দলঙখনৰ কিছু কিছু অংশত পানী জমা হয়। ফলত দলঙৰ ওপৰত জমা হোৱা পানীৰ ওপৰেৰে যানবাহন চলাচল কৰা বাবে আলকতৰাবোৰ খহি যাবলৈ আৰম্ভ কৰিছে।

শৰাইঘাট দলঙৰ পুনৰ নিৰ্মাণ নিৰ্ধাৰিত সময়ত সম্পন্ন হ'ব বুলি ৰাইজে আশা প্ৰকাশ কৰাৰ লগতে নতুন দলঙৰ ওপৰত যাতে পানী জমা নহয় সেই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক যাৱতীয় ব্যৱস্থা লৈ ৰাজ্যবাসীৰ বাবে যাতায়ত সুচল কৰি ৰখাৰ বাবে দাবী তুলিছে স্থানীয় ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।