ঠিকাদাৰৰ মইমতালিঃ ৰোলাৰ ৰখাই বন্ধ কৰি ৰাখিছে পথ

 04/09/2019 - 15:42

সৰুপথাৰঃ গোলাঘাট জিলাৰ বৰপথাৰৰ এটা পথ ঠিকাদাৰে বন্ধ কৰি থোৱাক লৈ যথেষ্ট সমস্যাত পৰিছে জনসাধাৰণ। এই সমস্যাত তীব্র প্রতিক্রিয়া প্ৰকাশ কৰিছে স্থানীয় ৰাইজ আৰু পথাচাৰীয়ে।

বৰপথাৰৰ পৰা ইকৰানী চাৰিআলি সংযোগী পথটো ঠিকাদাৰে মইমতালিৰে নিৰ্মাণ কৰিছে বুলি অভিযোগ তুলিছে পথাচাৰী আৰু স্থানীয় ৰাইজে। বিজেপিৰ সৰুপথাৰ মণ্ডলৰ সভাপতিগৰাকীৰ ঠিকাদাৰ পুত্ৰই পথ নির্মাণৰ সয়ত দিনে নিশাই পথটোৰ মাজত এখন ৰোলাৰ ৰখাই বন্ধ কৰি ৰাখিছে পথটো।

যাৰ ফলত এই পথটোৱেদি যাতায়ত কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে পথাচাৰী, স্কুলীয়া ছাত্র-ছাত্রী আৰু ৰোগী। বৰ্তমান এই পথটোৱেদি সৰু গাড়ীৰ লগতে পাৰ হ’ব নোৱাৰে ১০৮ গাড়ীও। ইফালে এই কথা স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক অবগত কৰাৰ পিছতো অকণো গা লৰা নাই বিভাগটোৰ।

বিজেপি নেতাগৰাকীৰ পুত্ৰই পথ নির্মাণ কৰাৰ বাবেই পথটোৰ মাজৰ পৰা ৰোলাৰখন বিভাগীয় কৰ্তৃপক্ষই আঁতৰাবলৈ সাহস কৰা নাই বুলি ৰাইজে অভিযোগ তুলিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।