ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ জয়শ্ৰী গগৈ

 04/09/2019 - 16:12

ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম উজলাই তুলিছে আন এগৰাকী অসম কন্যা জয়শ্ৰী গগৈয়ে। ছ'নী টিভিৰ অন্যতম জনপ্ৰিয় অনুষ্ঠান 'ছুপাৰ ডান্স ছিজন-থ্ৰী'ৰ শীৰ্ষ ৭ত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে শোণিতপুৰৰ সাতবছৰীয়া নৃত্যশিল্পী জয়শ্ৰী গগৈয়ে।

অনুষ্ঠানটোত কালি ঘোষণা কৰা হয় এই ফলাফল। ফলাফল ঘোষণাৰ পিছতে অসমবাসী আনন্দত আত্মহাৰা হৈ পৰে। অনুষ্ঠানৰ বিচাৰকসকলৰ হৃদয়তো সকীয়া স্থান দখল কৰিছে জয়শ্ৰীয়ে।

আনহাতে, অসমবাসীৰ আশীৰ্বাদতে এইয়া সম্ভৱ হৈছে বুলি জয়শ্ৰীৰ পিতৃ-মাতৃয়ে জানিবলৈ দিয়ে। জয়শ্ৰীক জয়ী কৰিবলৈ অসমবাসীৰ সহায়-সহযোগ একান্তই আৱশ্যক বুলি তেওঁলোকে মন্তব্য কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।